দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’ (SBN)ক। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, UAPAৰ অধীনত সংগঠনটোক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে।
ভাৰতীয় সুৰক্ষা সংস্থাই বিগত সময়ছোৱাত দেশৰ ১৪খন ৰাজ্যত SBNৰ বিৰুদ্ধে অভিযান চলাইছিল। চৰকাৰী তথ্য অনুসৰি, এই অভিযানত ২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮০টাতকৈ অধিক FIR পঞ্জীয়ন কৰা হৈছে।
অসমতো সংগঠনটোৰ কথিত নেটৱৰ্কৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীৰ STFয়ে। জুলাই মাহত ধুবুৰী, চিৰাং আৰু বৰপেটাৰ পৰা তিনিজনক গ্ৰেপ্তাৰ কৰাৰ পাছত হাইলাকান্দি আৰু কামৰূপৰ পৰাও দুজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ ফলত অসমত SBNৰ সৈতে কথিত সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে।
গৃহ মন্ত্ৰণালয়ৰ মতে, SBN সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ লগতে যুৱক আৰু স্থানীয় অপৰাধীসকলক উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে প্ৰৰোচিত কৰাৰ সৈতে জড়িত। ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি দেশবিৰোধী প্ৰচাৰ চলোৱা আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, গণতান্ত্ৰিক ব্যৱস্থা তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগো সংগঠনটোৰ বিৰুদ্ধে উত্থাপিত হৈছে।
কি এই শ্বাহজাদ ভাট্টি নেটৱৰ্ক?
গৃহ মন্ত্ৰণালয়ৰ মতে, SBN হৈছে পাকিস্তানস্থিত এটা সন্ত্ৰাসবাদী-অপৰাধমূলক নেটৱৰ্ক, যিয়ে ভাৰতত সদস্য নিযুক্তি, অনলাইন ৰেডিকেলাইজেচন, অস্ত্ৰ সৰবৰাহ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ‘স্লিপাৰ চেল’ গঠনৰ দৰে কাৰ্যকলাপৰ সৈতে জড়িত বুলি অভিযোগ আছে। চৰকাৰী তথ্য অনুসৰি, নেটৱৰ্কটোৰ বিৰুদ্ধে চলোৱা অভিযানত IED, গ্ৰেনেড, পিষ্টল, জীৱন্ত গুলী আৰু চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহৃত CCTV কেমেৰা উদ্ধাৰ কৰা হৈছে।
UAPAৰ অধীনত আনুষ্ঠানিক নিষেধাজ্ঞাৰ পাছত SBNৰ সৈতে জড়িত কাৰ্যকলাপৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাসমূহে অধিক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
