অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি আঁচনিৰ অধীনত ৰাজ্যৰ ১ লাখ ৬৬ হাজাৰ ১২৪ গৰাকী শিক্ষাৰ্থীক জলপানি প্ৰদানৰ বাবে মুঠ ১৯৪.৫৫ কোটি টকা অনুমোদন কৰা হৈছে। আধাৰ সংযুক্ত শিক্ষাৰ্থীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ জলপানিৰ ধন প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই জলপানি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু।

জলপানি লাভৰ বাবে ৭০ শতাংশ উপস্থিতি বাধ্যতামূলক

ইফালে, শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত কোনো ধৰণৰ শিথিলতা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। বিভাগৰ মতে, বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ন্যূনতম ৭০ শতাংশ উপস্থিতি থাকিব লাগিব। ৭০ শতাংশ উপস্থিতি নাথাকিলে শিক্ষাৰ্থীয়ে চৰকাৰী আঁচনিৰ অধীনত জলপানি বা অন্যান্য সুবিধা লাভ নকৰিব। শিক্ষানুষ্ঠানত নিয়মীয়াকৈ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীয়েহে এই সুবিধা লাভ কৰিব। ইয়াৰ উপৰি, পৰীক্ষাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়েও চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰিব বুলি শিক্ষা বিভাগে স্পষ্ট কৰিছে।

প্ৰথমবাৰৰ নামভৰ্তি বিনামূলীয়া, অনুত্তীৰ্ণ হ’লে ৫০ শতাংশ মাচুল

শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্ৰতো নতুন নিয়মৰ কথা উল্লেখ কৰা হৈছে। প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়াকৈ কৰা হ’ব। কিন্তু কোনো শিক্ষাৰ্থী অনুত্তীৰ্ণ হ’লে পুনৰ নামভৰ্তিৰ সময়ত নামভৰ্তি মাচুলৰ ৫০ শতাংশ নিজে বহন কৰিব লাগিব। শিক্ষা বিভাগে নিয়মীয়া উপস্থিতি আৰু শৈক্ষিক অগ্ৰগতি নিশ্চিত কৰাৰ লগতে চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰকৃত যোগ্য শিক্ষাৰ্থীৰ মাজত প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...