আৰৱ সাগৰত ভাৰতীয় নৌসেনা জাহাজৰ সৈতে পাক নৌসেনা জাহাজৰ সংঘৰ্ষ

আন্তঃৰাষ্ট্ৰীয় জলসীমাত ভাৰতীয় নৌসেনাৰ এখন জাহাজৰ সৈতে পাকিস্তানী নৌসেনাৰ এখন জাহাজৰ সংঘৰ্ষৰ ঘটনাক লৈ পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতে। ঘটনাটোৰ পিছতে নতুন দিল্লীয়ে পাকিস্তানৰ হাই কমিছনৰ চাৰ্জ দ্য’এফেয়াৰ্ছক তলব কৰি পাকিস্তানী নৌসেনাৰ জাহাজৰ আচৰণক ‘অগ্ৰহণযোগ্য আৰু অপেছাদাৰী’ বুলি অভিহিত কৰে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় জলসীমাত সংঘটিত এই ঘটনাত কোনো বৃহৎ ক্ষয়-ক্ষতি হোৱা নাই। অৱশ্যে পাকিস্তানী নৌসেনাৰ জাহাজখনৰ আচৰণ ১৯৯১ চনৰ এপ্ৰিল মাহত স্বাক্ষৰিত ভাৰত-পাকিস্তানৰ সামৰিক অনুশীলন, কৌশল আৰু সেনা চলাচলৰ আগতীয়া জাননীৰ চুক্তিৰ ১০নং অনুচ্ছেদৰ প্ৰত্যক্ষ উলংঘন বুলি নতুন দিল্লীয়ে উল্লেখ কৰে।

বৈদেশিক মন্ত্ৰালয়ে পাকিস্তানৰ চাৰ্জ দ্য’এফেয়াৰ্ছক সংশ্লিষ্ট পাকিস্তানী কৰ্তৃপক্ষৰ ওচৰত বিষয়টো উত্থাপন কৰিবলৈ কয়। লগতে দুয়োখন দেশৰ মাজত স্বাক্ষৰিত প্ৰাসংগিক চুক্তিসমূহৰ বিধান মানি চলাৰ লগতে সমুদ্ৰত সামৰিক ইউনিটসমূহে যথোচিত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও অৱগত কৰা হয়।

ভাৰতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো সামৰিক ইউনিটক সংশ্লিষ্ট চুক্তিসমূহৰ বিধান আৰু নিৰ্ধাৰিত সুৰক্ষা ব্যৱস্থা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।

ইফালে, ইছলামাবাদত থকা ভাৰতীয় হাই কমিছনৰ চাৰ্জ দ্য’এফেয়াৰ্ছকো পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ ওচৰত একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...