কাইলৈৰ পৰা আৰম্ভ ‘জুবিন দিৱস’; প্ৰাণৰ শিল্পীৰ সোঁৱৰণীত ‘জুবিনক্ষেত্ৰ’ত কেনেদৰে চলিছে প্ৰস্তুতি?

সোণাপুৰৰ জুবিনক্ষেত্ৰত কাইলৈৰ পৰা তথা ১৭ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘জুবিন দিৱস’। অনুষ্ঠানক কেন্দ্ৰ কৰি জুবিনক্ষেত্ৰত ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। প্ৰাণৰ শিল্পীগৰাকীৰ বিশাল কাট-আউট স্থাপনেৰে সজাই তোলা হৈছে জুবিনক্ষেত্ৰ।

লাখ লাখ অনুৰাগীক আদৰিবলৈ প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি। নতুন গামোচাৰে সজাই তোলা হৈছে প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলী। চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছে ৰভা আৰু সাংস্কৃতিক মঞ্চও। অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়, কলাগুৰু আৰ্টিছ ফাউণ্ডেছন, জুবিন গাৰ্গ ফেন ক্লাব, অন্যান্য কেইবাটাও স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত সজাই-পৰাই তোলা হৈছে ‘জুবিনক্ষেত্ৰ’। পেণ্ডেলসমূহ প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি সম্বিলত কৰি তৈয়াৰ কৰা হৈছে। সু-শৃংখলিতভাবে যাতে ‘জুবিন দিৱস’ অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে চৰকাৰৰ লগতে অনুৰাগীসকলেও যথেষ্ট চেষ্টা কৰিছে।

তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ ১৭ ছেপ্টেম্বৰত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী উদযাপন কৰা হ’ব। অনুষ্ঠিত হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। দ্বিতীয় দিনা তথা ১৮ ছেপ্টেম্বৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ন-পুৰণি শিল্পীয়ে পৰিৱেশন কৰিব সাংস্কৃতিক অনুষ্ঠান। অন্তিম দিনা দিনৰ ভাগত আধ্যাত্মিক অনুষ্ঠানৰ লগতে নিশালৈ অনুষ্ঠিত হ’ব আমন্ত্ৰিত দলৰ ভাওনা। ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকীৰ সোঁৱৰণত দিনৰ ভাগত ভাগৱত পাঠৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী পালন কৰা হ’ব। ১৯ ছেপ্টেম্বৰত জুবিনক্ষেত্ৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাণৰ শিল্পীলৈ জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...