কিমান নিৰাপদ গুৱাহাটীবাসী? গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ডকাইতি!

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। সাউকুচিৰ জোনাকী নগৰত পুৱতি নিশা সংঘটিত এই ডকাইতিৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩ বজাত ক’লা কাপোৰ পৰিধান কৰা চাৰিজনীয়া ডকাইতৰ এটা দলে পংকজ চক্ৰৱৰ্তী ওৰফে পাপু চক্ৰৱৰ্তীৰ ঘৰত প্ৰৱেশ কৰে। ডকাইতৰ দলটোৱে হাতত ডেগাৰ লৈ ঘৰত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘৰত প্ৰৱেশ কৰাৰ পাছতে ডকাইতৰ দলটোৱে পৰিয়ালৰ লোকসকলক ভয়-ভাবুকি প্ৰদান কৰে। আনকি ঘৰৰ লোকৰ মুখ বান্ধি ঘৰৰ ভিতৰত থকা বিভিন্ন সামগ্ৰী লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

অন্ধকাৰৰ সুযোগ লৈ ক’লা কাপোৰ পৰিধান কৰি অহা ডকাইতৰ দলটোৱে ঘটনা সংঘটিত কৰি নিশাৰ ভাগতে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে। ডকাইতৰ দলটোৰ পৰিচয় আৰু তেওঁলোক কোন দিশে পলায়ন কৰিলে, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ঘটনাটোৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা তদন্ত চলাইছে। ঘৰৰ আশে-পাশে থকা CCTV কেমেৰাৰ ফুটেজো পৰীক্ষা কৰাৰ সম্ভাৱনা আছে।

ইফালে, পুৱতি নিশা জনবসতিপূৰ্ণ অঞ্চলত এইদৰে ডকাইতিৰ ঘটনা সংঘটিত হোৱাক লৈ স্থানীয় ৰাইজৰ মাজতো সৃষ্টি হৈছে নিৰাপত্তাজনিত উদ্বেগ। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে ডকাইতিৰ ঘটনাত কিমান মূল্যৰ সামগ্ৰী লুটি নিয়া হৈছে আৰু ঘটনাটোৰ সৈতে কোন কোন জড়িত, সেই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...