এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে। অসমৰ উদীয়মান ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহই আগন্তুক এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। জাপানৰ নাগোয়া আৰু আইচি চহৰত ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেগা ক্ৰীড়া সমাৰোহখনত অমৰজিতে পুৰুষৰ দলগত আৰু ৰেগু শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।

কাছাৰ জিলাৰ নয়াগ্ৰাম গাঁৱৰ অমৰজিতসহ ২৫ জনীয়া ভাৰতীয় দলটো কাইলৈ নতুন দিল্লীৰ পৰা জাপানলৈ ৰাওনা হ’ব। দলটোত ১২ জন পুৰুষ আৰু ৯ গৰাকী মহিলা খেলুৱৈৰ লগতে পুৰুষ-মহিলাৰ দুগৰাকীকৈ প্ৰশিক্ষক আছে।

উল্লেখ্য যে, অমৰজিতে থাইলেণ্ডত অনুষ্ঠিত ২০২৫ আৰু ২০২৬ চনৰ কিংছ কাপ ছেপাকটাক্ৰ’ বিশ্ব চেম্পিয়নশ্বিপত এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ চনত কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম দক্ষিণ এছিয়ান ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপত দুটা স্বৰ্ণপদক আৰু ২০২৫ চনত কুৱালালামপুৰত অনুষ্ঠিত ইছটাক ছেপাকটাক্ৰ’ এছিয়ান কাপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আগন্তুক এছিয়ান গেমছত অমৰজিতৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰিছে অসম ছেপাকটাক্ৰ’ সন্থাই। সন্থাৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা, সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছাসহ সমূহ সদস্যই খেলুৱৈগৰাকীক শুভেচ্ছা জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...

অসমৰ অনুসূচিত জনজাতীয় শিক্ষাৰ্থীলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় পোষ্ট-মেট্ৰিক জলপানি

অসমৰ অনুসূচিত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল...

UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা...