প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে অসমত ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬লৈ ‘সেৱা সংকল্প অভিযান’ পালন কৰিবলৈ অসম চৰকাৰে আনুষ্ঠানিক কাৰ্যবাহী নিৰ্দেশনা জাৰি কৰিছে। ৭ ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে।
নিৰ্দেশনাখনত অভিযানটো ‘সেৱা, কল্যাণ আৰু সবলীকৰণ’ৰ সৈতে জড়িত কৰি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কথা উল্লেখ কৰা হৈছে। বিভিন্ন প্ৰশাসনিক বিভাগ, উপায়ুক্ত, জিলা প্ৰশাসন আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলে সমন্বিতভাৱে কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব।
১৭ ছেপ্টেম্বৰত ‘আশীৰ্বাদ কা দিয়া’
অভিযানৰ আৰম্ভণিতে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ‘আশীৰ্বাদ কা দিয়া’ কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়া ৭ বজাত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ ঘৰত বন্তি জ্বলোৱাৰ পৰিকল্পনা কৰা হৈছে।
ইয়াৰ বাবে বিভিন্ন বিভাগৰ হিতাধিকাৰী—অৰুণোদয়, PMAY-G, SHG, PMAY-U আৰু ৰেচন কাৰ্ড হিতাধিকাৰীসকলক সংযোগ কৰাৰ কথা নিৰ্দেশনাত উল্লেখ আছে।
বিদ্যালয়ত চিত্ৰাংকন, কুইজ আৰু বিতৰ্ক
এই কাৰ্যসূচীৰ অধীনত ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত চিত্ৰাংকন, কুইজ আৰু বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
‘২৫ বছৰ সে সমৰ্পণ’ আৰু ‘Viksit Bharat @ 2047’ বিষয়ক এই প্ৰতিযোগিতাসমূহ বিদ্যালয়, LAC আৰু জিলা পৰ্যায়ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
চৰকাৰী আঁচনিৰ হিতাধিকাৰীক লৈ কাহিনী
নিৰ্দেশনাখনত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক লৈ চুটি ভিডিঅ’ আৰু ৰীল প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ কথাও উল্লেখ কৰা হৈছে।
অৰুণোদয়, PMAY, SHG, CMAAA আদি আঁচনিৰ হিতাধিকাৰীৰ অভিজ্ঞতা, আঁচনি লাভ কৰাৰ পূৰ্বে আৰু পিছৰ পৰিৱৰ্তন তথা জনজীৱনত ইয়াৰ প্ৰভাৱক ভিডিঅ’ৰ জৰিয়তে উপস্থাপন কৰা হ’ব।
৭ অক্টোবৰত ‘সেৱা জ্যোতি কলহ যাত্ৰা’
৭ অক্টোবৰত ‘সেৱা জ্যোতি কলহ যাত্ৰা–বিকশিত ভাৰতৰ সংকল্প’ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। জিলা সদৰত বৃহৎ পৰিসৰত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে গাঁও, ব্লক আদি বিভিন্ন স্থানৰ পৰা লোকসকলে শোভাযাত্ৰাৰে কেন্দ্ৰীয় স্থানলৈ আহিব।
উপায়ুক্তসকলক জিলা সদৰত উপযুক্ত স্থান নিৰ্বাচন কৰি বৃহৎ স্ক্ৰীনৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাৰ দায়িত্ব দিয়া হৈছে।
‘সেৱা সেতু অভিযান’ৰে চৰকাৰ জনতাৰ দুৱাৰডলিত
মাহজোৰা অভিযানৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে ‘সেৱা সেতু অভিযান’। ইয়াৰ অধীনত ‘চৰকাৰ জনতাৰ দুৱাৰডলিত’ শীৰ্ষক কাৰ্যসূচীৰে প্ৰতিটো ব্লক পৰ্যায়ত শিবিৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
এই শিবিৰসমূহত বিভিন্ন বিভাগে নাগৰিকৰ অভিযোগ গ্ৰহণ, সমস্যাৰ সমাধান আৰু চৰকাৰী সেৱা জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব দিব। অভিযানৰ বাবে ২৫টা গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি/সেৱাক অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে।
যুৱক-যুৱতীৰ বাবে Innovation Challenge
ইয়াৰ জৰিয়তে যুৱ উদ্ভাৱকসকলক চৰকাৰী সেৱা আৰু জনকল্যাণৰ বাস্তৱ সমস্যাৰ উদ্ভাৱনীমূলক সমাধান বিকশিত কৰাৰ সুযোগ দিয়াৰ কথা উল্লেখ আছে। বিদ্যালয় আৰু মহাবিদ্যালয়ত Hackathon অনুষ্ঠিত কৰাৰ পৰিকল্পনাও কৰা হৈছে।
ৰংগোলী প্ৰতিযোগিতা আৰু বৃহৎ সামৰণি অনুষ্ঠান
‘সেৱাকে ৰং, ৰাষ্ট্ৰ কে সংগ’ কাৰ্যসূচীৰ অধীনত প্ৰতিখন জিলাত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিদ্যালয়, মহাবিদ্যালয়, SHG, যুৱ গোট আৰু সাধাৰণ নাগৰিকক ইয়াত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা হ’ব।
ইয়াৰ উপৰি *‘সুশাসন সেৱা সংবাদ–গ্ৰেণ্ড ইভেণ্ট’*ৰ জৰিয়তে অক্টোবৰ মাহত ৰাজ্যৰ গুৰুত্বপূৰ্ণ চহৰসমূহত বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
প্ৰশাসনৰ ওপৰত বিশেষ দায়িত্ব
নিৰ্দেশনাখনত প্ৰতিটো সংশ্লিষ্ট বিভাগক নিজৰ department-specific action plan প্ৰস্তুত কৰি কাৰ্যসূচী ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে। উপায়ুক্তসকলৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসন আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়ালৈকে সকলো সংশ্লিষ্ট পক্ষই সমন্বয়ৰে অভিযান ৰূপায়ণ কৰিব লাগিব।
অৰ্থাৎ, ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ কেৱল এটা দিনৰ অনুষ্ঠান নহয়, বৰং চৰকাৰী আঁচনি, হিতাধিকাৰী সংযোগ, জনসেৱা, বিদ্যালয়-যুৱ কাৰ্যসূচী, ছ’চিয়েল মিডিয়া প্ৰচাৰ আৰু জিলা পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানক সামৰি অসম চৰকাৰে এক মাহজোৰা কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে।
