Rebel TMC সাংসদৰ দাবীঃ দুৰ্গা পূজাৰ পূৰ্বে অথবা পাছত BJPত যোগদান কৰিব ১৭ NCPI সাংসদে

অক্টোবৰ মাহত দুৰ্গা পূজাৰ পূৰ্বে অথবা পিছত নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়া, চমুকৈ NCPIত থকা ২০গৰাকী সাংসদৰ ভিতৰত ১৭গৰাকী সাংসদে বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে। সোমবাৰে এই দাবী কৰে প্ৰাক্তন তৃণমূল কংগ্ৰেছ নেতা তথা কোচবিহাৰৰ সাংসদ জগদীশ চন্দ্ৰ বৰ্মা বসুনিয়াই।

বসুনিয়াৰ মতে, ১৭গৰাকী সাংসদে একেলগে বিজেপিত যোগদানৰ পৰিকল্পনা চূড়ান্ত কৰিছে। তেওঁৰ দাবী, ২০গৰাকী সাংসদৰ দুই-তৃতীয়াংশতকৈ অধিক সাংসদে একেলগে দল সলনি কৰিলে তেওঁলোকৰ ক্ষেত্ৰত দলত্যাগ বিৰোধী আইন প্ৰযোজ্য নহ’ব।

বসুনিয়াই কয়, “আমি ১৭গৰাকী সাংসদ একেলগে বিজেপিলৈ যাম। ২০গৰাকী সাংসদৰ দুই-তৃতীয়াংশতকৈ অধিক সাংসদ একেলগে যোৱাৰ বাবে আমাৰ ক্ষেত্ৰত দলত্যাগ বিৰোধী আইন প্ৰযোজ্য নহ’ব।”

উল্লেখ্য, চলিত বৰ্ষৰ ১৪ জুনত TMCৰ ২০গৰাকী Rebel TMC সাংসদে অখ্যাত NCPIৰ সৈতে একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিছিল আৰু শাসকীয় NDAক সমৰ্থন আগবঢ়াইছিল।

দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্যতা এৰাবলৈ ২০গৰাকী সাংসদৰ ভিতৰত কমেও ১৪গৰাকী সাংসদৰ দলীয় স্থানান্তৰ প্ৰয়োজন।

ইফালে, বসুনিয়াই দাবী কৰে যে NCPIৰ ২০গৰাকী সাংসদৰ ভিতৰত সংখ্যালঘু সম্প্ৰদায়ৰ তিনিগৰাকী সাংসদে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান নকৰিব। তেওঁলোকৰ নিজ নিজ সমষ্টিৰ ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ দাবী কৰে।

বসুনিয়াৰ মতে, আবু তাহেৰ খান, খলিলুৰ ৰহমান আৰু ইউছুফ পাঠানে বিজেপিত যোগদান নকৰি বাহিৰৰ পৰা NDAক সমৰ্থন আগবঢ়াব।

এক ৰাষ্ট্ৰীয় সংবাদ সংস্থাক বসুনিয়াই কয়, “তেওঁলোকে NDAক সমৰ্থন কৰিব আৰু তেওঁলোকক গুৰুত্বপূৰ্ণ দায়িত্ব অথবা মন্ত্ৰিত্ব দিয়া হ’ব পাৰে।”

আনহাতে, পশ্চিমবংগ বিজেপিৰ সভাপতি সমীক ভট্টাচাৰ্যই কলকাতা আৰু হাওৰাৰ আগন্তুক পৌৰ নিৰ্বাচনত NCPIৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নাকচ কৰিছে।

ভট্টাচাৰ্যই কয়, “NCPI NDAৰ সহযোগী দল। পশ্চিমবংগত বিজেপিয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব। নিজৰ শক্তিৰে আমি কলকাতা আৰু হাওৰা পৌৰ সংস্থাত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিম।”

অৱশ্যে, NCPI সাংসদ সুদীপ বন্দ্যোপাধ্যায়ে কয় যে তেওঁৰ দলে NDAৰ অংশীদাৰ হিচাপে আগন্তুক কলকাতা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

বন্দ্যোপাধ্যায়ে সাংবাদিকক কয়, “আমি NDAৰ দল হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ম। বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে এই সন্দৰ্ভত কথা পাতিছোঁ আৰু তেওঁলোকেও এই কথা নিশ্চিত কৰিছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...

বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যজুৰি উচাহ; প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল

বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা...