BRICS সন্মিলনত নেতাৰ বাবে বিশেষ খাদ্য; কি কি আছে খাদ্য তালিকাত?

ভাৰতত ১২ ছেপ্টেম্বৰ পৰা অনুষ্ঠিত হৈছে ১৮সংখ্যক BRICS সন্মিলন। এইবাৰ ভাৰত BRICSৰ অধ্যক্ষ দেশ হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰাণ আৰু UAEৰ নেতাসকলকল আৰু বিভিন্ন দেশৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছে।

সন্মিলনখন ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে যদিও ইয়াৰ সমান্তৰালভাৱে দিল্লীৰ বিলাসী হোটেলসমূহতো চলিছে ব্যাপক প্ৰস্তুতি। BRICS প্ৰতিনিধিসকলৰ আতিথ্যৰ বাবে হোটেলসমূহে ভাৰতীয় খাদ্য-সংস্কৃতিৰ বৈচিত্ৰ্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় অতিথিসকলৰ পছন্দৰ সামঞ্জস্য ৰাখি বিশেষ মেনু প্ৰস্তুত কৰিছে।

BRICS প্ৰতিনিধিসকলক আতিথ্য আগবঢ়াবলৈ সাজু হোৱা The Leela Palace, Taj Mahal আৰু The LaLiT এই তিনিখন হোটেলে বিশেষ মেনুৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি দেশৰ সুস্বাদু খাদ্য কৰোৱা হ’ব পৰিৱেশন। কাজু কিচমিচসহ গোবিন্দভোগ চাউলৰ পায়স, বৰ্ধমান ষ্টাইলৰ মিহিদানা, ৰসগোল্লা, বিবিধ মিঠাই, মুৰিঘণ্ট, সতেজ নিমকি, ভাপত দিয়া ইলিছ মাছ, কাশ্মীৰি পোলাও, হায়দৰাবাদী বিৰিয়ানি, লক্ষ্ণৌৰ গলৌটি কাবাব, ডেক্কানি তড়কা, ফ্ৰাইড ইডলি, মিলেটৰ খিচিৰি, লগতে উঃ-পূবৰ সুস্বাদু ব্যঞ্জন।

Taj Mahal হোটেলে BRICS প্ৰতিনিধিসকলৰ বাবে আগবঢ়াব ‘Tradition to Table’ নামৰ এক বিশেষ খাদ্য সম্ভাৰ। Tajৰ ৰান্ধনীসকলে তেওঁলোকৰ শৈশৱৰ খাদ্যৰ স্মৃতি আৰু নিজৰ মাতৃৰ পৰা শিকা পৰম্পৰাগত ৰেচিপিৰ আধাৰত এই বিশেষ সম্ভাৰ প্ৰস্তুত কৰিছে।
এই খাদ্যসম্ভাৰত ভাৰতৰ ছটা অঞ্চলৰ পৰম্পৰাগত সুস্বাদু খাদ্য আছে। ইয়াৰ ভিতৰত আছে- কাশ্মীৰৰ মছলাযুক্ত আখৰোট, পুৰণি দিল্লীৰ মাইদা কাজু, মহাৰাষ্ট্ৰৰ ভাকৰৱাড়ী, ৰাজস্থানৰ মিনি কচুৰী, বংগৰ কুচো নিমকি, তামিলনাডুৰ মুৰুক্কু। এই খাদ্যসমূহৰ জৰিয়তে ভাৰতৰ বিভিন্ন অঞ্চলৰ স্বকীয় উপাদান, সোৱাদ, গঠন আৰু ৰন্ধনশৈলী প্ৰতিফলিত কৰা হৈছে।

Taj Mahal, New Delhiৰ Area Director–Operations তথা General Manager ড০ অনমল আহলুৱালিয়াই কয় যে প্ৰায় পাঁচ দশক ধৰি Taj Mahal, New Delhi-য়ে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান, কূটনীতিবিদ আৰু বিশিষ্ট ব্যক্তিক আতিথ্য প্ৰদান কৰি আহিছে। এই বিশেষ খাদ্যসম্ভাৰৰ জৰিয়তে ভাৰতীয় খাদ্য-ঐতিহ্যৰ বৈচিত্ৰ্য আৰু সমৃদ্ধি তথা ভাৰতীয় আতিথ্যৰ উষ্ণতা প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে।

The Leela Palace New Delhiয়ো BRICS সন্মিলনৰ প্ৰতিনিধিসকলৰ বাবে ভাৰতীয় ঐতিহ্য আৰু আধুনিক খাদ্য-চিন্তাৰ সংমিশ্ৰণেৰে বিশেষ খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে। ইয়াৰ অন্যতম আকৰ্ষণ হ’ল খোৱাৰ উপযুক্ত সামগ্ৰীৰে হাতেৰে নিৰ্মাণ কৰা বিশেষ পদুম ফুল। পদুম ভাৰতৰ ৰাষ্ট্ৰীয় ফুল আৰু BRICS India 2026ৰ প্ৰতীকতো ইয়াৰ প্ৰতিফলন দেখা যায়।

এই বিশেষ পদুম ফুল গোলাপ, কেশৰ আৰু ইলাচী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ সৈতে থলুৱা ভাৰতীয় ফল সংযোজন কৰা হৈছে।

The Leela Palace New Delhiৰ Executive Chef কৰণ ঠাকুৰে জনোৱা অনুসৰি, হোটেলখনৰ ৰান্ধনী দলেও প্ৰতিনিধিসকলৰ বাবে বিশেষ কিছুমান খাদ্য প্ৰস্তুত কৰিছে। ইয়াৰ লগতে থাকিব মিলেট কুকিজ, হাতেৰে প্ৰস্তুত কৰা গ্ৰেনোলা বাৰ আৰু বিভিন্ন স্বাস্থ্যসন্মত পানীয়।
এই সকলো খাদ্যত ভাৰতীয় উপাদানৰ সমৃদ্ধি আৰু আধুনিক খাদ্যাভ্যাসৰ এক সুন্দৰ সংমিশ্ৰণ ঘটোৱাৰ চেষ্টা কৰা হৈছে।

The LaLiT New Delhiয়েও BRICS সন্মিলনৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমৃদ্ধ খাদ্য-ঐতিহ্যক কেন্দ্ৰ কৰি এক বিশেষ মেনু প্ৰস্তুত কৰিছে। এই মেনুত পৰম্পৰাগত গালৌটি কাবাব আৰু তন্দুৰত বেক কৰা ৰুটিৰ লগতে মিলেট বা অন্ন-ভিত্তিক বিভিন্ন খাদ্যক বিশেষ গুৰুত্ব দিয়া হৈছে।

ইয়াৰ উপৰি ৰান্ধনীসকলে কেইবিধমান অভিনৱ খাদ্যও প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে- মিছ’ পেষ্টৰ সৈতে Braised Eggplant, Simmered Chinese Cabbage, Amber Sauce-ৰ সৈতে Japanese Style Kidney Bean Sweet। বিভিন্ন দেশৰ খাদ্য-প্ৰভাৱক একেখন টেবুললৈ অনাৰ লগতে ভাৰতীয় আতিথ্যৰ উষ্ণতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে এই মেনু প্ৰস্তুত কৰা হৈছে।

BRICS সন্মিলনৰ ৰাজনৈতিক আৰু কূটনৈতিক আলোচনাৰ সমান্তৰালভাৱে দিল্লীৰ বিলাসী হোটেলসমূহতো ভাৰতৰ খাদ্য-ঐতিহ্য, আঞ্চলিক বৈচিত্ৰ্য আৰু আধুনিক ৰন্ধনশৈলীৰ সোৱাদ ল’ব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...