ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছউদ পেজেছকিয়ানকে ধৰি BRICSৰ নেতাসকলৰ উপস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দেখা দিছে এক বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান।

এফালে আমেৰিকাৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক, আনফালে ৰাছিয়া আৰু চীনৰ সৈতে ঘনিষ্ঠতা। তাৰ মাজতে ইৰান, ছৌদি আৰব আৰু UAEৰ মাজৰ সংঘাতেও সন্মিলনখনক অধিক জটিল কৰি তুলিছে।

ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ, বিশ্বৰ শক্তি আৰু বাণিজ্যিক যোগানত দেখা দিয়া অস্থিৰতা, লগতে আমেৰিকা-চীনৰ উত্তেজনাৰ মাজতে অনুষ্ঠিত হৈছে এইবাৰৰ BRICS সন্মিলন। বিশেষকৈ ইৰান আৰু UAEৰ মাজৰ মতানৈক্যৰ বাবে BRICSৰ ভিতৰত এক উমৈহতীয়া স্থিতি গঢ়ি তোলাটো ভাৰতৰ বাবে কঠিন পৰীক্ষা হিচাপে দেখা দিছে।

ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত দুয়োখন দেশে কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা আৰু পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বাণিজ্যিক পথত সৃষ্টি হোৱা প্ৰভাৱ সন্দৰ্ভতো আলোচনা কৰে। ভাৰত-ৰাছিয়া দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যও পুনৰ প্ৰকাশ কৰা হৈছে।

আনহাতে, BRICSক পশ্চিম-বিৰোধী মঞ্চ হিচাপে পৰিগণিত নকৰাই ভাৰতৰ অন্যতম লক্ষ্য। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে BRICSৰ বিভিন্ন পদক্ষেপক লৈ ইতিমধ্যে কঠোৰ স্থিতি প্ৰকাশ কৰি আহিছে। সেয়েহে ৰাছিয়া, চীন আৰু ইৰানৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ সমান্তৰালভাৱে আমেৰিকাৰ সৈতেও কৌশলগত সম্পৰ্ক অটুট ৰখাটো মোদী চৰকাৰৰ বাবে ডাঙৰ কূটনৈতিক ভাৰসাম্যৰ বিষয় হৈ পৰিছে।

বিশেষজ্ঞসকলৰ মতে, BRICSৰ বৰ্ধিত সদস্যপদে সংগঠনটোৰ বিশ্বজনীন প্ৰভাৱ বৃদ্ধি কৰিলেও সদস্য দেশসমূহৰ মাজৰ ভূ-ৰাজনৈতিক মতানৈক্যই একমতত উপনীত হোৱাত বাধা সৃষ্টি কৰিব পাৰে।

অৰ্থাৎ, এইবাৰৰ BRICS সন্মিলনত ভাৰতৰ মূল লক্ষ্য হ’ল কোনো এটা পক্ষ নলৈ, সকলো পক্ষক একেখন মঞ্চত ৰাখি ঐকমত্য গঢ়ি তোলা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...