USTMৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা যোগালে নাগালেণ্ডৰ উচ্চ শিক্ষা মন্ত্ৰী টেমজেন ইমনা আলঙে

ইউ এছ টি এম ত মই আজি সমগ্ৰ উত্তৰ পূব দেখিলোঁ – ইয়াত প্ৰকৃত একতা আছে।

আচাৰ্য্য মহবুবুল হকৰ দৰে ব্যক্তি ভাৰতবৰ্ষত প্ৰয়োজন – শ্ৰী তেমজেন ইম্না আলং, উচ্চ শিক্ষা মন্ত্ৰী, নাগালেণ্ড

ৰী-ভয়, মেঘালয় | ১০ ছেপ্টেম্বৰ, ২০২৬: ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)-এ আজি বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত Orientation Programme–2026 অনুষ্ঠিত কৰে। নতুন শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে তেওঁলোকৰ নতুন শৈক্ষিক যাত্ৰাৰ বাবে অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত নাগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী শ্ৰী টেমজেন ইমনা আলঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে। মুখ্য অতিথি শ্ৰী টেমজেন ইমনা আলঙ বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ পিছত USTMৰ জ্যেষ্ঠ বিষয়ববীয়া আৰু সাংস্কৃতিক দলৰ দ্বাৰা উপাচাৰ্যৰ কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয়।

অনুষ্ঠানত USTMৰ Chancellor তথা ERDFৰ Chairman মহবুবুল হকে আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ মুখ্য অতিথিক উষ্ম আদৰণি জনোৱাৰ লগতে নতুন শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ পৰিয়াললৈ স্বাগতম জনায়। তেওঁ শিক্ষাৰ্থীসকলক শৈক্ষিক জীৱনৰ আৰম্ভণিৰ পৰাই লক্ষ্য স্থিৰ কৰি শৃংখলা, নিষ্ঠা আৰু দায়বদ্ধতাৰে আগবাঢ়িবলৈ আহ্বান জনায়। বিশ্ববিদ্যালয়ত লাভ কৰা শৈক্ষিক আৰু অন্যান্য সুযোগসমূহৰ সঠিক ব্যৱহাৰৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ভাষণ প্ৰসঙ্গত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক কয় যে- ‘শিক্ষাই ভাতৃত্ববোধৰ সৃষ্টি কৰে। আমি ক’ৰ পৰা আহিছো সেয়া ডাঙৰ কথা নহয়, আচল কথাটো হ’ল আমি সকলোৱে ভাৰতীয়। এয়া আমাৰ প্ৰথম চিনাকি। সেয়ে প্ৰত্যেকজন ভাৰতীয়ৰ মনত পৰস্পৰৰ ভাতৃত্ববোধ থাকিব লাগিব। পৰস্পৰৰ ধৰ্ম আৰু পন্থাক আমি সন্মান কৰিব লাগিব। তেতিয়াহে ভাৰতবৰ্ষ আগুৱাব। দেশৰ প্ৰতি দায়বদ্ধ হোৱাটোহে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য’। মন্ত্ৰীগৰাকীয়ে আকৌ কয় যে- ‘ইউএছটিএম দেশৰ এখন আগৰণুৱা শিক্ষানুষ্ঠান। ইয়াৰ আন্তঃগাঁঠনি প্ৰাকৃতিক। ইয়ালৈ আহি মই অভিভূত হৈছো। দেশৰ মানৱ সম্পদ নিৰ্মাণ কৰাত ইউএছটিএমে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। এইখন মেঘালয়ত অনুষ্ঠিত হলেও এই বিশ্ববিদ্যালয়খন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ’।

Orientation Programme–2026-এ নতুন শিক্ষাৰ্থীসকলক USTMৰ শৈক্ষিক পৰিৱেশ, মূল্যবোধ আৰু বিভিন্ন সুযোগৰ সৈতে পৰিচিত কৰোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভূমিকা পালন কৰে। অনুষ্ঠানটোৱে শৈক্ষিক উৎকৰ্ষতাৰ লগতে শিক্ষাৰ্থীসকলৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানৰ সামৰণিত USTMৰ উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। তেওঁ মুখ্য অতিথি শ্ৰী টেমজেন ইমনা আলঙক তেওঁৰ মূল্যৱান উপস্থিতি আৰু অনুপ্ৰেৰণাদায়ক বক্তব্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলো বিশিষ্ট অতিথি, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰে।

নতুন শিক্ষাৰ্থীসকলৰ বাবে Orientation Programme–2026 USTMত তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ এক অৰ্থপূৰ্ণ আৰম্ভণি হিচাপে পৰিগণিত হয়। অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলক লক্ষ্য, দায়বদ্ধতা আৰু দৃঢ় সংকল্পৰে উৎকৰ্ষতাৰ দিশে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...

থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন...