প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ বঢ়মপুৰৰ।
প্ৰথমতে প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা তাৰ পিছত সেই পৰিকল্পনা সফল কৰিবলৈ ছাগলী চুৰি!
নগাঁও জিলাৰ বঢ়মপুৰৰ উৰিয়াগাঁৱৰ অৰ্জুনতলত ছাগলী চুৰিৰ অভিযোগত তিনিজন যুৱক ৰাইজৰ হাতত আটক হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, এখন বাইকত তিনিজন যুৱকে ছাগলী লৈ বিক্ৰী কৰিবলৈ যোৱাৰ সময়তে স্থানীয় ৰাইজে তেওঁলোকক সন্দেহ কৰে। পিছত যুৱক তিনিজনক আটক কৰি সোধা-পোছা কৰাত ছাগলী চুৰিৰ সমগ্ৰ ঘটনা পোহৰলৈ অহা বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।
আটকাধীন যুৱক তিনিজনক লক্ষ্য গগৈ, উৎপল কলিতা আৰু প্ৰশান্ত দাস বুলি জানিব পৰা গৈছে।

ছাগলী বিক্ৰীৰ ধনেৰে প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা?
স্থানীয় ৰাইজৰ দাবী অনুসৰি, আটকাধীন যুৱকসকলে ছাগলী চুৰি কৰি বিক্ৰী কৰাৰ পিছত লাভ কৰা ধনেৰে প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে।
ইফালে, ৰাইজৰ সোধা-পোছাত যুৱকসকলে অঞ্চলটোত সক্ৰিয় বুলি অভিযোগ কৰা এটা ছাগলী চোৰৰ চক্ৰৰ বিষয়েও তথ্য দিয়া বুলি জানিব পৰা গৈছে।

স্থানীয় কেইজনমান যুৱকৰ নাম লোৱাৰ অভিযোগ
আটকাধীন যুৱককেইজনে ছাগলী চুৰিৰ সৈতে স্থানীয় বিকাশ আৰু ৰাহুল নামৰ যুৱকৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে।
অৱশ্যে এই অভিযোগৰ সত্যতা এতিয়াও আৰক্ষীৰ তদন্তত স্পষ্ট হোৱা নাই।
ইফালে, বিকাশ নামৰ যুৱকজনৰ মাতৃয়ে তেওঁৰ ওচৰলৈ ছাগলী বিক্ৰী কৰিবলৈ অহাৰ কথা অস্বীকাৰ কৰিছে। তেওঁৰ মতে, ছাগলী বেপাৰীৰ মোবাইল নম্বৰ ল’বলৈহে অহা হৈছিল।
আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ
আনহাতে, বঢ়মপুৰৰ উৰিয়াগাঁও অঞ্চলত বিগত সময়ছোৱাত ছাগলী চুৰিৰ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
এই সন্দৰ্ভত পূৰ্বেই ইটাচালি আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে।
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। ছাগলী চুৰিৰ আঁৰত কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।
বঢ়মপুৰৰ পৰা দোলন চন্দ্ৰ বৰাৰ প্ৰতিবেদন।
