ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড; ঘৰলৈ মাতি হত্যা ব্যৱসায়ীক

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পৱন জৈন ওৰফে পুনিয়া নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক হানি-খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঢকুৱাখনা নগৰৰ জৈন মন্দিৰৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, মঙলবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল পৱন জৈন। পৰিয়াল তথা আত্মীয়ই লোকজনৰ সন্ধান বিচাৰি থকাৰ মাজতে অৱশেষত আন এগৰাকী ব্যৱসায়ী ধনঞ্জয় চাহুৰ ঘৰৰ বাথৰূমৰ পৰা পৱন জৈনৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাক কেন্দ্ৰ কৰি ধনঞ্জয় চাহুৰ বিৰুদ্ধে পৱন জৈনক হত্যাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত থকা কাৰণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অন্যান্য দিশসমূহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ঢকুৱাখনা নগৰৰ বালি গাঁৱৰ পৰা ধনঞ্জয় চাহু, তেওঁৰ পুত্ৰ আৰু ৰাজু চাহানী নামৰ আন এজন লোকক আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোককেইজনক সোধা-পোছা অব্যাহত ৰাখিছে।

পৱন জৈনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ ঢকুৱাখনা অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এইদৰে ৰহস্যজনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীমাংসাৰ পথত অসম-মেঘালয়ৰ পৰ্যটক টেক্সী চালকৰ বিবাদ

অসম আৰু মেঘালয়ৰ পৰ্যটক টেক্সী চালকসকলৰ মাজত শেহতীয়াকৈ সৃষ্টি...

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্ৰত অৰুণাচল আৰু আক্সাই চিনৰ চিত্ৰণক লৈ বিৰ্তক

নতুনকৈ প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ এখন বিশ্ব মানচিত্ৰত অৰুণাচল প্ৰদেশ আৰু...

মীমাংসাৰ পথত অসম-মেঘালয়ৰ পৰ্যটক-টেক্সী চালকৰ বিবাদ; দুই ৰাজ্যৰ চৰকাৰৰ মাজত সম্পন্ন উচ্চস্তৰীয় বৈঠক

অসম-মেঘালয়ৰ পৰ্যটক-টেক্সি চালকৰ বিবাদৰ অন্ত পৰাৰ দিশত। শ্বিলঙত অসম...

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...