জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত চেম্পিয়ন হৈছে গোৱালপাৰা। জজ ফিল্ডত অনুষ্ঠিত ফাইনেলত মৰিগাঁওক ৬ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে গোৱালপাৰাই।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰা মৰিগাঁৱে ৫০ অভাৰত ৮ উইকেটত ১৪১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰজনী কিলিং আৰু আৰিয়ান নাছিফ হুছেইনে ৫৫ ৰানকৈ কৰে। গোৱালপাৰাৰ ভীম চেত্ৰীয়ে ৩৪ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে বিনয় কৃষ্ণ দেৱনাথে ৩১ ৰানত লাভ কৰে ২টা উইকেট।
জয়ৰ বাবে ১৪২ ৰানৰ লক্ষ্য অনুসৰণ কৰি গোৱালপাৰাই ২৮.৫ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। সন্তোষ দত্তই ৩৬ ৰান, বিনয় কৃষ্ণ দেৱনাথে ৩৫ ৰান আৰু ৰেহান ইছলামে ১৬ ৰান সংগ্ৰহ কৰে।
ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় গোৱালপাৰাৰ ভীম চেত্ৰী। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে শিলচৰৰ অনিকেট বাছফৰে, শ্ৰেষ্ঠ বলাৰ হয় ভীম চেত্ৰী আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মৰিগাঁৱৰ আৰিয়ান নাছিফ হুছেইনে।
অসম ক্ৰিকেট সন্থাই গোৱালপাৰাক খিতাপ জয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে প্ৰতিযোগিতাখনত উন্নত প্ৰদৰ্শনৰ বাবে গোৱালপাৰা আৰু মৰিগাঁও দুয়োটা দলক প্ৰশংসা কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এচিএ এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য, জিএছএৰ সভাপতি পৰেশ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।
