ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে নিযুক্তি যোৰহাটৰ অয়ন আবিৰ শৰ্মাৰ

যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই ভাৰতীয় সেনাবাহিনীত লেফটেনেন্ট হিচাপে নিযুক্তি লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। শনিবাৰে গোৱাত অনুষ্ঠিত ভাৰতীয় সেনাবাহিনীৰ পেৰেড আউট আৰু দীক্ষান্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে তেওঁ লেফটেনেন্ট পদত নিযুক্তি লাভ কৰে।

এবছৰ পূৰ্বে এছ এছ বি (SSB) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত অয়ন ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। ইয়াৰ পিছত এবছৰীয়া কঠোৰ সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ অন্তত শনিবাৰে অনুষ্ঠিত দীক্ষান্ত অনুষ্ঠানত তেওঁ সেনাবাহিনীৰ বিষয়া হিচাপে আনুষ্ঠানিকভাৱে কমিছন লাভ কৰে।

অভিযান্ত্ৰিক শিক্ষাৰ পৰা সেনাবাহিনীলৈ

২০১৮ চনত যোৰহাটৰ ডন বস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাঘচোঙৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অয়নে পৰৱৰ্তী সময়ত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ইলেকট্ৰনিকছ বিভাগত অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰে। ২০২৪ চনত ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছতো সৰুৰে পৰা দেশ সেৱাৰ প্ৰতি থকা আগ্ৰহক অগ্ৰাধিকাৰ দি তেওঁ প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখে।

ইঞ্জিনীয়াৰিং অধ্যয়ন কৰি থকা সময়তো অয়নে ভাৰতীয় বায়ুসেনাৰ লগতে বিভিন্ন প্ৰতিৰক্ষা সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। অৱশেষত এছ এছ বি পৰীক্ষাত সফলতা অৰ্জন কৰি ভাৰতীয় সেনাবাহিনীত যোগদানৰ সুযোগ লাভ কৰে।

যোৰহাটত পৰিয়ালত আনন্দৰ বন্যা

যোৰহাটৰ তৰাজান ব্ৰাহ্মণ গাঁৱৰ বাসিন্দা অয়ন আবিৰ শৰ্মা টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ কৰ্মচাৰী জয়ন্ত শৰ্মা আৰু হেমলতা মেম’ৰিয়েল স্কুলৰ শিক্ষয়িত্ৰী চিৰঞ্জীতা শৰ্মাৰ পুত্ৰ।

সেনাবাহিনীত লেফটেনেন্ট হিচাপে নিযুক্তি লাভ কৰাৰ পিছত অয়নৰ এই সফলতাত পৰিয়ালৰ লগতে আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকলৰ মাজত আনন্দৰ সৃষ্টি হৈছে। তেওঁৰ এই সাফল্যই যোৰহাটৰ লগতে সমগ্ৰ অসমতে নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে।

‘সেনাবাহিনীত যোগদান কৰি নেতৃত্ব দিবলৈ পোৱাটো সৌভাগ্যৰ বিষয়’

সফলতাৰ সন্দৰ্ভত অয়নে কয় যে সৰুৰে পৰা দেশমাতৃৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দেশ সেৱাৰ লগতে নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়।

লগতে অসমৰ উঠি অহা প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাই নিজৰ লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায় নৱনিযুক্ত লেফটেনেন্ট অয়ন আবিৰ শৰ্মাই।

উল্লেখযোগ্য যে সোমবাৰে বিমানযোগে অয়ন যোৰহাটত উপস্থিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...