পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ সন্মুখত মাতৃৰ বিৰুদ্ধে কৰা অশালিন মন্তব্যৰ পোতক তোলা বুলি মন্তব্য বশিষ্ঠপুৰৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজৰ। ‘মোৰ ঘৰখন সন্মান থকা ঘৰ। মোৰ মাক লৈ ৰিয়াই গালি পাৰে, বেয়া শব্দ ব্যৱহাৰ কৰে। মোক আৰক্ষীয়ে আটক কৰা নাই, আত্মসমৰ্পণ কৰিছোঁ’। সেয়ে হিতাহিত জ্ঞান হেৰুৱাই এই বৰ্বৰ কাণ্ড সংঘটিত কৰা বুলি মন্তব্য ৰামানুজৰ। আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰি ‘ৰিয়াক হত্যা কৰাটো ভুল হৈ গ’ল’ বুলিও মন্তব্য ৰামানুজৰ।

আনহাতে, ফাঁচীবজাৰৰ চিটি কৰ্ণাৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত কাম কৰা ৰিয়াৰ সহকৰ্মীৰ মতে বিয়াৰ পাছত স্বামী-স্ত্ৰী দুয়োৰে সুখেৰে বাস কৰিছিল। অঞ্জলিগৃহৰ প্ৰতিবেশীৰ বিপৰীত ভাষ্য ৰিয়াৰ সহকৰ্মীৰ। দুয়োৰে মাজত কাজিয়া-পেচাল হোৱা দেখা নাছিল সহকৰ্মীয়ে। সময়মতে ডিউটিলৈ গৈছিল আৰু সময়মতে ঘৰলৈ আহিছিল ৰিয়া। ৰিয়াক সদায়ে ডিউটিলৈ থবলৈ গৈছিল ৰামানুজ। ডিউটি শেষ হোৱাৰ পিছত নিবলৈও বাহিৰত ৰৈ আছিল ৰামানুজ। ৰিয়াৰ বিয়োগত মৰ্মাহত সহকৰ্মীসকল। ৰিয়া খুব ভাল ছোৱালী আছিল বুলি মন্তব্য সহকৰ্মীৰ।

সম্প্ৰতি ৭ দিনৰ আৰক্ষী জিম্মালৈ পত্নী হত্যাকাৰী ৰামানুজ। আজি ৰামানুজক লৈ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ সম্ভাৱনা। একমাত্ৰ ভগ্নীৰ অকাল বিয়োগত মৰ্মাহত ৰিয়াৰ ভাতৃ। ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডৰ উচিত বিচাৰ হ’ব নে? আৰক্ষীৰ চাৰ্জশ্বিটত কি কি থাকে সেয়া জানিবলৈ আপেক্ষা কৰিব লাগিব সময়লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...