ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ পূৰ্বে হঠাৎ সাতগৰাকী খেলুৱৈক দলৰ পৰা ঘৰলৈ পঠিওৱা আৰু দুগৰাকী প্ৰশিক্ষকক দায়িত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। প্ৰথম দুয়োখন টেষ্টত দলৰ শোচনীয় প্ৰদৰ্শনক পৰিৱৰ্তনৰ মূল কাৰণ হিচাপে দেখুওৱা হৈছিল যদিও পাকিস্তানৰ একাধিক সংবাদমাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে এই সিদ্ধান্তৰ আঁৰত ক্ৰিকেটৰ বাহিৰেও আন গুৰুতৰ বিষয় থাকিব পাৰে।
বিশেষকৈ দলটোৰ ভিতৰত সম্ভাৱ্য ‘মেচ ফিক্সিং’ বা অনুশাসন ভংগৰ আশংকাই নতুনকৈ চৰ্চা লাভ কৰিছে। এই সন্দেহ অধিক ঘনীভূত হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কেইবাগৰাকী খেলুৱৈৰ মোবাইল ফোন জব্দ কৰাৰ খবৰ পোহৰলৈ অহাৰ পাছত। যদিও কোন কোন খেলুৱৈৰ ফোন জব্দ কৰা হৈছিল, সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই, পাকিস্তানৰ সংবাদমাধ্যমৰ একাংশই দাবী কৰিছে যে অভিজ্ঞ খেলুৱৈ মহম্মদ ৰিজৱান আৰু ইমাম-উল-হকৰ ফোনো জব্দ কৰা হৈছিল।
প্ৰতিবেদন অনুসৰি, লৰ্ডছত ইংলেণ্ডৰ হাতত ১৯৪ ৰানত শোচনীয় পৰাজয়ৰ পাছতে দলৰ নিৰাপত্তা বিষয়াই ইমাম-উল-হক আৰু ৰিজৱানৰ মোবাইল ফোন নিজৰ জিম্মাত লয়। অভিযোগ অনুসৰি, কিছু ঘণ্টাৰ ভিতৰতে ফোন দুটাৰ তথ্য আন এটা ডিভাইচলৈ স্থানান্তৰ কৰা হয়। পিছত দুয়োগৰাকী খেলুৱৈক ফোন দুটা ঘূৰাই দিয়া হয়। কেৱল ৰিজৱান আৰু ইমামেই নহয়, আন কেইবাগৰাকী খেলুৱৈৰ মোবাইল ফোনো পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জব্দ কৰা বুলি পাকিস্তানৰ সংবাদমাধ্যমত প্ৰকাশ পাইছে। আনকি চূড়ান্ত টেষ্ট সমাপ্ত নোহোৱালৈকে এই ফোনসমূহ ব’ৰ্ডৰ জিম্মাত ৰখাৰ সম্ভাৱনাৰ কথাও চৰ্চালৈ আহিছে।
ইয়াৰ মাজতে পাকিস্তান দলত বৃহৎ পৰিৱৰ্তন আনে PCB-য়ে। মহম্মদ ৰিজৱান, ছলমান আলী আগা, ইমাম-উল-হক, আলী উছমান, খুৰ্ৰম শ্বাহজাদ, আমিৰ জামাল আৰু মহম্মদ আৱাইছ জাফৰক দলৰ পৰা বাদ দিয়া হয়। লগতে মুখ্য প্ৰশিক্ষক ছৰফৰাজ আহমেদ আৰু বলিং প্ৰশিক্ষক উমৰ গুলকো দায়িত্বৰ পৰা আঁতৰোৱা হয়। ইয়াৰ বিপৰীতে দলত অন্তৰ্ভুক্ত কৰা হয় সাতগৰাকী নতুন খেলুৱৈক। তেওঁলোকৰ পাঁচগৰাকীৰ এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক হোৱা নাই। দলত থকা অভিজ্ঞ খেলুৱৈৰ ভিতৰত চেইম আয়ুব আৰু আব্দুল্লা ফজলক অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে, PCB-ৰ হাই পাৰফৰ্মেন্সৰ সঞ্চালক আকিব জাভেদেও ইমাম-উল-হকক লৈ আগন্তুক তদন্তৰ ইংগিত দিছে। লৰ্ডছ টেষ্টৰ দ্বিতীয় ইনিংছত আঘাতৰ বাবে ইমামে বেটিং কৰিব পৰা নাছিল। কিন্তু এতিয়া তেওঁক কেন্দ্ৰ কৰি তদন্তৰ কথা প্ৰকাশ পোৱাত বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।
সাতগৰাকী খেলুৱৈক দলৰ পৰা বাদ, দুগৰাকী প্ৰশিক্ষকক দায়িত্বৰ পৰা অপসাৰণ, কেইবাগৰাকী খেলুৱৈৰ মোবাইল জব্দ আৰু PCB-ৰ আভ্যন্তৰীণ তদন্ত, এই সকলো ঘটনাই পাকিস্তান ক্ৰিকেটত নতুন বিতৰ্কৰ সূচনা কৰিছে। অৱশ্যে, এতিয়ালৈকে PCB-য়ে কোনো খেলুৱৈৰ বিৰুদ্ধে ‘মেচ ফিক্সিং’ৰ অভিযোগ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। সেয়েহে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এই সন্দেহসমূহক নিশ্চিত অভিযোগ হিচাপে গণ্য কৰিব নোৱাৰি। এতিয়া সকলোৰে দৃষ্টি PCB-ৰ তদন্তৰ ফলাফলৰ ওপৰত প্ৰকৃততে পাকিস্তান দলত কি ঘটিছিল?
