ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ পৰা বঞ্চিত হ’ল যুৱতীগৰাকী। নিচেই কম বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল নুনমাটিৰ মঠঘৰীয়াৰ কণমানি ছোৱালীজনীয়ে। নিজৰ ককায়েক গণেশ তালুকদাৰো ব্যস্ত থাকে নিজৰ কামত। চোৱা–চিতা কৰিবলৈ তাইৰ আন কোনো নাছিল। আনৰ ঘৰত ডাঙৰ-দীঘল হোৱা ছোৱালীজনী কামৰ তাগিদাত ওলাই আহিল নুনমাটিৰ মঠঘৰীয়াৰ পৰা। প্ৰথমে কাম বিচাৰি হাবাথুৰি খাইছিল যুৱতীগৰাকীয়ে। অৱশেষত ফাঁচী বজাৰৰ এ চি মাৰ্কেটৰ এখন বুটিকত চেলছ্ গাৰ্লৰ চাকৰি পাইছিল নুনমাটিৰ মঠঘৰীয়াৰ মনীষা তালুকদাৰ ওৰফে ৰিয়াই। দিন বাগৰিল। ছ’চিয়েল মিডিয়াত ধুবুৰীৰ গৌৰীপুৰৰ ৰামানুজ গোস্বামী ওৰফে বাবুৰ সম্পৰ্কলৈ আহিল ৰিয়া। ৰামানুজে পঠিওৱা ফ্ৰেণ্ড ৰিকুয়েষ্ট এক্সেপ্ট কৰিলে ৰিয়াই। ড্ৰাগছ আসক্ত ৰামানুজৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল ৰিয়াৰ। পানীখাইটিৰ ৰিহেবত থকা ৰামানুজক দুবাৰকৈ লগ ধৰিছিল ৰিয়াই। ৰিহেবৰ পৰা ওলাই ৰিয়াক বিয়াৰ প্ৰস্তাৱ দিছিল ৰামানুজে। আৰু জীৱনত কোনো নথকা ৰিয়াই সেই প্ৰস্তাৱ বিনা দ্বিধাই মানি লৈছিল। ২০২৫ চনৰ ২২ অক্টোবৰত বিবাহপাশত আবদ্ধ হ’ল ৰিয়া। পেচাত কেব চালক স্বামী ৰামানুজৰ সৈতে বশিষ্ঠপুৰৰ অঞ্জলীগৃহ এপাৰ্টমেণ্টত থাকিবলৈ ল’লে ৰিয়াই। দিন বাগৰিল। বিয়াৰ দুমাহ পাছতে দুয়োৰে মাজত সৰু সৰু কথাক লৈ আৰম্ভ হ’ল কাজিয়া। দুয়োৰে মাজত হোৱা সংঘাত এপাৰ্টমেণ্টৰ আবাসীয়ে প্ৰায়ে শুনিছিল। স্বামীৰ সন্মুখতে ৰিয়াই পূৰ্বৰ প্ৰেমিকৰ সৈতে প্ৰায়ে ফোনত কথা পতা দেখিছিল। সেইবোৰ দেখি-শুনি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল স্বামী ৰামানুজে। ৩ ছেপ্টেম্বৰ, শুকুৰবাৰ। সেই দিনটো যেন ৰিয়াৰ জীৱনৰ শেষ দিন হ’ব সেয়া সপোনতো ভবা নাছিল। পুৱা নিজৰ কেবেৰে ৰামানুজ আৰু ৰিয়া ওলাই গৈছিল ফুৰিবলৈ। ফুৰি গধূলি এপাৰ্টমেণ্টলৈ উভতিছিল দুয়ো। তাৰ পাছতে দুয়োৰে মাজত আৰম্ভ হ’ল তীব্ৰ বাক-বিতণ্ডা। চিঞৰি-চিঞৰি ৰিয়াই কন্দা প্ৰতিবেশীয়ে শুনিছিল। পুৱতি নিশা কোনো শব্দ নোহোৱা হৈছিল ঘৰখনত। কেৱল প্ৰতিবেশীয়ে ৰামানুজে হুক-হুকাই কান্দি থকা শুনিছিল। শনিবাৰে পুৱা প্ৰায় ১১ বজাত এপাৰ্টমেণ্টৰ পৰা নিজৰ গাড়ী লৈ ওলাই আহিছিল ৰামানুজ। হাতীগাঁৱৰ ৰাজধানী মছজিদৰ সমীপত নিজৰ গাড়ী ৰখাই বহুকেইটা বিয়েৰ গাড়ীৰ ভিতৰতে খাইছিল ৰামানুজে। কিছু সময় ৰাজধানী মছজিদৰ সমীপতে থাকি পুনৰ এপাৰ্টমেণ্টলৈ গৈছিল ৰামানুজ। গধূলি ঘৰৰ দুৱাৰত মোজা এপাট গুজি দি ওলাই আহিছিল ৰামানুজ। তাৰ পিছৰ পৰা সন্ধান নাছিল ৰামানুজৰ। দেওবাৰে নিশা উত্কট গোন্ধে চানি ধৰিছিল এপাৰ্টমেণ্টৰ চৌপাশ। স্থানীয় লোকে উত্কট গোন্ধৰ উত্স বিচাৰি পাইছিল ৰামানুজৰ এপাৰ্টমেণ্ট। এপাৰ্টমেণ্টৰ ভিতৰৰ পৰাই আহিছিল সেই উত্কট গোন্ধ। ততাতৈয়াকৈ স্থানীয় লোকে খবৰ দিছিল হাতীগাঁও আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল পত্নী ৰিয়াৰ উলংগ, ছিন্ন-মুণ্ড, মৃহ। আৰক্ষীয়ে বিচাৰ-খোচাৰ আৰম্ভ কৰিলে ৰামানুজৰ। কিন্তু নাই। ৰামানুজৰ সন্ধান নাই। নিশা প্ৰায় ১১ বজাত দিছপুৰ থানাত আত্মসমৰ্পণ কৰিলে ৰামানুজে। আৰক্ষীৰ জেৰাত ৰামানুজে স্বীকাৰ কৰিলে পত্নীক হ* কৰাৰ কথা। পৰকীয়া প্ৰেমৰ সন্দেহত ডিঙি কাটি অতি নৃশংসভাৱে হ*** কৰিলে পত্নী ৰিয়াক। এতিয়া হাতীগাঁও থানাৰ আলহী ৰামানুজ। ৰামানুজে বহু কথা কৈছে, বহু অভিযোগ আনিছে। কথাবোৰ জানিছিল ৰামানুজ আৰু ৰিয়াই। কিন্তু সেই কথাবোৰ ক’বলৈ ৰিয়া আৰু নাই। ৰিয়াৰ হৈ মাত মাতিবলৈ এই সময়ত ৰিয়াৰ আন কোনো নাই। শেষ হৈ গ’ল এটা জীৱন। নিজত কৈ ভাল পোৱা স্বামীয়ে নিঃশেষ কৰি দিলে ৰিয়াক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...