আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ তথা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ শততম জন্মদিন। জন্মদিন উপলক্ষে সমগ্ৰ অসমতে শ্ৰদ্ধাৰে পালন কৰিছে মহান শিল্পীগৰাকীৰ জন্মদিন। গীতেৰে অসমীয়া সমাজ-জীৱনক সমৃদ্ধ কৰা ভূপেন হাজৰিকাক আজি ৰাজ্যবাসীয়ে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে সোঁৱৰিছে।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাৰ কণ্ঠত অসমৰ মাটি, মানুহ, নদী আৰু সমাজৰ জীৱন্ত ছবি প্ৰতিফলিত হৈছিল। ভূপেন হাজৰিকাৰ গীতৰ অন্যতম বৈশিষ্ট্য আছিল মানৱতাবাদ। ‘মানুহে মানুহৰ বাবে’, ‘বিস্তীৰ্ণ পাৰৰে’, ‘বুকু হম হম কৰে’ আদি কালজয়ী গীতত তেওঁ প্ৰেম, সাম্য, ভাতৃত্ববোধ আৰু মানৱতাৰ বাৰ্তা বিলাইছিল। তেওঁৰ অসামান্য অৱদানৰ বাবে মৃত্যুৰ পাছতো তেওঁৰ সৃষ্টিৰ জনপ্ৰিয়তা অলপো হ্ৰাস পোৱা নাই। বৰং নতুন প্ৰজন্মৰ মাজতো তেওঁৰ গীত সমানে জনপ্ৰিয়।

সুধাকণ্ঠৰ শততম জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক অনুষ্ঠান, গীত পৰিৱেশন, আলোচনা সভা আৰু স্মৃতিচাৰণৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুধাকণ্ঠৰ সমাধিস্থলী জালুকবাৰীতো আয়োজন কৰা হৈছে বর্ণাঢ্য কার্যসূচী। শিল্পীগৰাকীৰ কালজয়ী সৃষ্টিৰ জৰিয়তে নতুন প্ৰজন্মক তেওঁৰ আদৰ্শ আৰু মানৱতাৰ বাণীৰ সৈতে পৰিচয় কৰোৱাবলৈ বিদ্যালয়-মহাবিদ্যালয় আদিতো পালন কৰা হৈছে শততম জন্মদিন।

ড০ ভূপেন হাজৰিকা আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই, কিন্তু তেওঁৰ কণ্ঠ আজিও অসমৰ আকাশে-বতাহে প্ৰতিধ্বনিত হৈ আছে। তেওঁৰ গীতত জীয়াই আছে অসমীয়া জাতিৰ আবেগ, স্বাভিমান আৰু মানৱতাৰ সুৰ। সুধাকণ্ঠৰ শততম জন্মদিনত সেয়াই যেন সমগ্ৰ অসমবাসীৰ একমাত্ৰ শ্ৰদ্ধাঞ্জলি। গীতেৰে, স্মৃতিয়েৰে আৰু তেওঁৰ মানৱতাবাদী আদৰ্শক হৃদয়ত ধাৰণ কৰি মহান শিল্পীগৰাকীৰ চিৰদিন থাকিব অসমৰ বুকুত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...