আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ প্ৰিয় ফুটবলাৰৰ তালিকাত কোনো আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ নাম নলৈ ভাৰতীয় ফুটবলৰ উদীয়মান প্ৰতিভাসকলক বাছি লৈছে। তেওঁৰ পছন্দৰ তালিকাত আছে পাৰ্থিৱ গগৈ, ৰিডিম ট্লাং আৰু গুৰমিত সিং ছাহাল।

মিডিয়া বাৰ্তালাপত আব্ৰাহামে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সলনি দেশীয় প্ৰতিভাক সমৰ্থন কৰাটোৱেই অধিক পছন্দ কৰে। তেওঁ কয়, “মই ভাৰতীয় আৰু মই মোৰ ভাৰতীয় খেলুৱৈসকলক ভাল পাওঁ।”

বিশেষকৈ পাৰ্থিৱ গগৈৰ নাম লোৱাটো অসমৰ ফুটবলপ্ৰেমীৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। শিৱসাগৰৰ পৰা ওলাই অহা এইগৰাকী যুৱ উইংগাৰে নৰ্থইষ্ট ইউনাইটেডৰ হৈ নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। ISLৰ বিগত তিনিটা ছিজনত ৫৭খন মেচত পাৰ্থিৱে ১০টা গ’ল আৰু ৮টা এছিষ্ট কৰিছে।

দূৰৰ পৰা গ’ল কৰাৰ দক্ষতাৰ বাবেও পাৰ্থিৱ বিশেষভাৱে পৰিচিত। ২০২৬ চনৰ মে’ মাহতো ইণ্টাৰ কাশীৰ বিৰুদ্ধে ৩-২ গ’লৰ জয়ত শেষ মুহূৰ্তত পাৰ্থিৱৰ গ’লেই নৰ্থইষ্ট ইউনাইটেডক জয়ৰ সোৱাদ দিছিল।

জন আব্ৰাহমৰ এই পছন্দই পুনৰ এবাৰ ভাৰতীয় ফুটবলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান প্ৰতিভাসকলক ৰাষ্ট্ৰীয় মঞ্চত উজলাই তুলিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...