বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ গ্ৰেণ্ড ফিনালেত ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজে পৰিধান কৰে মিছ ৱৰ্ল্ড ২০২৬ৰ মুকুট। মিছ ৱৰ্ল্ড ২০২৫ৰ বিজয়ী থাইলেণ্ডৰ সুচাতা চুয়াংছাৰীয়ে মুকুট পিন্ধায় তেওঁৰ উত্তৰসূৰীক। ৫ ছেপ্টেম্বৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত ১১১গৰাকী প্ৰতিযোগিৰ মাজত বিশ্বসুন্দৰীৰ খিতাপ দখল কৰে ২৪ বৰ্ষীয় জোহেইৰী ম’লাই। ন্যা ট্ৰাঙৰ ২ এপ্ৰিল স্কোৱাৰত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত জোহেইৰী মোলাই নিজৰ সৌন্দৰ্য, আত্মবিশ্বাস, বুদ্ধিমত্তা আৰু সমাজসেৱাৰ প্ৰতি দায়বদ্ধতাৰে বিচাৰকৰ মন জয় কৰে। এই জয়ৰ জৰিয়তে ডমিনিকান ৰিপাব্লিকে দ্বিতীয়বাৰৰ বাবে মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰিলে। দেশখনৰ প্ৰথম মিছ ৱৰ্ল্ড বিজয়ী আছিল মাৰিয়াছেলা আলভাৰেজ, যিয়ে ১৯৮২ চনত এই সন্মান লাভ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোৱাৰ পূৰ্বে ২০২৫ চনত জোহেইৰী মোলাই মিছ ৱৰ্ল্ড ডমিনিকান ৰিপাব্লিকৰ খিতাপ জয় কৰিছিল। মিছ ৱৰ্ল্ডৰ মুকুট অৰ্জন কৰাৰ লগতে জোহেইৰী ম’লা ডমিংগুৱেজে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ ‘Beauty With a Purpose’ অৰ্থাৎ ‘উদ্দেশ্যপূৰ্ণ সৌন্দৰ্য’ৰ লক্ষ্যক প্ৰতিনিধিত্ব কৰাৰ দায়িত্বও গ্ৰহণ কৰিছে। জোহেইৰী ম’লাৰ সমাজসেৱামূলক কামেও ক্ষেত্ৰত বিশেষ প্ৰশংসা লাভ কৰিছে। শিশু আৰু যুৱসমাজৰ সৈতে কৰা কামে এই বিশ্বসুন্দৰীক বিশেষ চৰ্চালৈ আনিছে।

এই প্ৰতিযোগিতাত স্পেইনৰ এলিজাবেথ ৰেইনেছ আলাবাৰ্ন আৰু মালয়েছিয়াৰ তানুছিয়া চেট্টীয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰে। ভাৰতক প্ৰতিনিধিত্ব কৰা নিকিতা পোৰৱালে গ্ৰেণ্ড ফিনালে পৰ্যন্ত যাত্ৰা কৰিবলৈ সক্ষম হয় যদিও শীৰ্ষ ২০ত স্থান লাভ কৰিব নোৱাৰিলে। তথাপিও তেওঁৰ উপস্থিতি আৰু সাংস্কৃতিক পৰিৱেশনে যথেষ্ট চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ পাৰ্থিৱ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...