পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ মাজতে আৰক্ষী আৰু অস্ত্ৰধাৰী গাড়ী চোৰৰ মাজত গুলীয়াগুলী। সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰগদোলাত পুৱাৰ ভাগত হোৱা গুলীয়াগুলীৰ ঘটনাত নিহত দুই কুখ্যাত গাড়ী চোৰ কাছাৰৰ ছাইদুল আলম লস্কৰ আৰু মণিপুৰ ইম্ফলৰ বাবুল সিং। প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পাণবজাৰ থানাৰ সমীপৰ পৰা এখন টাটা এচি গাড়ী চুৰি কৰাৰ সময়তে পাণবজাৰ আৰক্ষীয়ে খেদি আহে চোৰৰ দলটোক। চোৰৰ দলটোৱে চুৰি গাড়ীসহ সোণাপুৰৰ মৰগদোলাৰে মেঘালয়ৰ দিশে পলাবলৈ চেষ্টা কৰাৰ সময়তে গুলীয়াগুলীত মৰগদোলাত নাকা চেকিঙত দুৰ্ঘটনাগ্ৰস্ত হয় উক্ত বাহনখন। ঘটনাস্থলীৰ পৰা পলায়ন অন্য এটা চোৰৰ। ঘটনাস্থলীত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে দুটাকৈ পিষ্টল, মোবাইল ফোনৰ লগতে গাড়ী চুৰি কাৰ্য্যত ব্যৱহৃত সা-সৰঞ্জাম। সম্প্ৰতি নিহত চোৰ দুটাৰ মৃতদেহ ৰখা হৈছে সোণাপুৰ জিলা চিকিৎসালয়ত। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ সঠিক তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ...

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...

ভাৰতত প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ ট্ৰফী! মুম্বাই-বডোদৰাত হ’ব মহাযুঁজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল (ICC)-এ ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...