৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ’ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ এটা ভাইৰেল ট্ৰেণ্ড অনুসৰণ কৰি প্ৰেমিকাই প্ৰেমিকৰ গাড়ীত যাচিছিল প্ৰায় ৩,৪০০টা চুম্বন। গাড়ীখন এনেদৰে সজাবলৈ প্ৰায় ৪ ঘণ্টা সময় লাগিছিল।

গাড়ীখনৰ মালিক আদিত্য সিকাৰৱাৰ। অনলাইনত দেখা এটা ট্ৰেণ্ডৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ প্ৰেমিকাই এটাৰ পিছত এটাকৈ লিপষ্টিকৰ চুম্বন আঁকি গাড়ীখন সজাইছিল।

পিছত চুম্বনৰ দাগেৰে ভৰা গাড়ীখনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কিন্তু ছবিত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ স্পষ্টকৈ দেখা যোৱাৰ বাবেই ট্ৰেফিক আৰক্ষীৰো চকুত পৰে গাড়ীখন।

আৰক্ষীয়ে পঞ্জীয়ন নম্বৰৰ জড়িয়তে গাড়ীখন চিনাক্ত কৰি জব্দ কৰে আৰু আদিত্যক সোধা-পোছা কৰে। ট্ৰেফিক নিয়ম ভংগ কৰাৰ বাবে তেওঁক ৫,৫০০ টকাৰ চালান জাৰি কৰা হয়।

পিছত গাড়ীখনৰ পৰা লিপষ্টিকৰ দাগ আঁতৰাই ভালদৰে ধুই পেলোৱা হয়। আদিত্যয়ো নিজৰ ভুল স্বীকাৰ কৰে।

৪ ঘণ্টাৰ প্ৰেম, ৩,৪০০টা চুম্বন—আৰু শেষত ৫,৫০০ টকাৰ চালান! ছ’চিয়েল মিডিয়াৰ প্ৰতিটো ট্ৰেণ্ড যে নকল কৰাৰ উপযোগী নহয়, গোৱালিয়ৰৰ এই ঘটনাই যেন তাৰেই মজাৰ উদাহৰণ দিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...

বৰপথাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি, অভিযুক্তক আদালতলৈ নিয়াৰ পূৰ্বে উত্তম-মধ্যম লাংঠা গাঁৱৰ ৰাইজৰ

বৰপথাৰত এগৰাকী বৃদ্ধা মহিলাৰ ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত...