প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ…

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মাক-দেউতাক নথকাৰ সুযোগতে সংঘটিত কৰিলে নিকৃষ্ট কাণ্ড। মাতৃৰ অলংকাৰ চুৰি কৰি প্ৰেমিকাক দিলে ডেৰ লাখটকীয়া আইফোন।

যোৰহাটৰ যুৱকৰ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পুত্ৰ য়ছ আগৰৱালৰ কাণ্ডত তোলপাৰ সমগ্ৰ ৰাজ্য। পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগতেই যুৱকজনে সংঘটিত কৰিলে কোনেও কল্পনা নকৰা এক ঘটনা।

প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতেই লুটপাত। ভাঙিলে আলমাৰি। লণ্ডভণ্ড কৰিলে লকাৰ। লুটি নিলে মাতৃৰেই ৫০ লক্ষাধিক টকাৰ আ-অলংকাৰ। জিতু সোমানী নামৰ এজন সাংবাদিকৰ সৈতে আলোচনা কৰি লুটপাট চলোৱাৰো গুৰুতৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। লুটপাতৰ পিছত জিতু সোমানী আৰু ৰোহিত প্ৰসাদৰ সহায়ত কম দামতেই গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীত যুৱকজনে বিক্ৰী কৰিছিল অলংকাৰসমুহ।

অলংকাৰ বিক্ৰী কৰা ধনেৰে প্ৰেমিকাক দিলে ডেৰ লাখটকীয়া আইফোন। ফুৰিবলৈ যাবলৈও দিলে ১ লাখ টকা। কেইবা লাখ টকা দি প্ৰেমিকাক লৈ গ’ল ফুৰাবলৈ। ঘটনা পোহৰলৈ অহাৰ পিছতে মুখ ঢাকি তত নোপোৱা হৈছে য়ছ আগৰৱালে।

আনফালে ঘটনা পোহৰলৈ অহাৰ পিছতে পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীজনে।

প্ৰেমত ভূ-মণ্ডল ঘূৰে, শতদল ফুলে কিন্তু য়ছ আগৰৱালে যিহে কৰিলে… এতিয়া আন পিতৃ-মাতৃয়েও পুত্ৰক অকলে এৰি বাহিৰলৈ যাবলৈ ভয় কৰা হৈছে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...