বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল কৰাৰ সময়ত নিয়ম উলংঘাকাৰী জাহাজসমূহৰ বিৰুদ্ধে জৰিমনা বিহা, আটক কৰা অথবা বাজেয়াপ্ত কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ইৰানে সতৰ্কবাণী প্ৰদান কৰিছে। পাৰ্চিয়ান গাল্ফ ষ্ট্ৰেইট কৰ্তৃপক্ষই (PGSA) সামাজিক মাধ্যম ‘এক্স’-ত এক প’ষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। ইৰানৰ এই নতুন নীতিয়ে উক্ত গুৰুত্বপূৰ্ণ জলপথেৰে বাণিজ্য চলোৱা জাহাজৰ গৰাকী আৰু সৰবৰাহকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে বিপদাশংকা বৃদ্ধি কৰিছে।
হৰমুজ প্ৰণালী পৰিচালনাৰ বাবে ইৰানে গঠন কৰা নতুন প্ৰতিষ্ঠান ‘পিজিএছএ’-ই জনোৱা মতে, পাৰস্য উপসাগৰীয় অঞ্চলত যাত্ৰা কৰা সামগ্ৰীৰ গৰাকীসকলে নিয়ম নমনা জাহাজসমূহৰ নতুন তালিকাখন চাই লোৱা উচিত। নিয়ম উলংঘাকাৰী জাহাজৰ সৈতে ইখনৰ পৰা সিখনলৈ সামগ্ৰী হস্তান্তৰ বা অন্যান্য বাণিজ্যিক সম্পৰ্ক ৰখা জাহাজসমূহকো নিষেধাজ্ঞা আৰোপ কৰা তালিকাখনত সংযোজন কৰা হ’ব। তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰিব বিচৰা জাহাজসমূহে উপযুক্ত কাৰণ দৰ্শাই ইৰানৰ সামুদ্ৰিক কৰ্তৃপক্ষৰ ওচৰত চৰকাৰীভাৱে আবেদন জনাব লাগিব।
