কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ: বান পৰিস্থিতি আৰু পুনৰ্সংস্থাপন সন্দৰ্ভত আলোচনা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত অঞ্চলসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহাৰ্য্য, পুনৰ্সংস্থাপন আৰু পুনৰ্নিৰ্মাণমূলক পদক্ষেপসমূহ গৃহমন্ত্ৰীৰ ওচৰত দাঙি ধৰে। ইয়াৰ উপৰি ৰাজ্যখনৰ উন্নয়ন আৰু সুৰক্ষা সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত আলোচনা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বানৰ ফলত হোৱা ভয়াবহ ক্ষয়-ক্ষতিৰ বুজ লয় আৰু বানপ্ৰভাৱিত অঞ্চলসমূহৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া দ্ৰুততৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ পূৰ্ণ আশ্বাস প্ৰদান কৰে। বানৰ সমগ্ৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি পৰিস্থিতিৰ বুজ লৈ আছিল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

বৈঠকৰ অন্তত সামাজিক মাধ্যম ‘এক্স’ (X)-ত এক প’ষ্টযোগে মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ প্ৰতিটো বিষয়ৰ প্ৰতি থকা সূক্ষ্ম দৃষ্টি আৰু অসমৰ সুৰক্ষা তথা স্থিৰতাৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতিয়ে প্ৰতিখন বৈঠককে অৰ্থপূৰ্ণ কৰি তোলে। গৃহমন্ত্ৰীৰ এনে মাৰ্গদৰ্শন আৰু দৃঢ় সমৰ্থনৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...