কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ২৩ আগষ্টত জয়পুৰৰ জি ষ্টুডিঅ’ত অনুষ্ঠিত আকৰ্ষণীয় গ্ৰেণ্ড ফাইনেলত সমগ্ৰ দেশৰ ৫২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ কাজীিয়াই এই ৰাষ্ট্ৰীয় খিতাপ দখল কৰে। আইনৰ ছাত্ৰী তথা মডেল কাজীিয়াই ইয়াৰ পূৰ্বে ২০২৫ চনৰ ‘মিছ টিন ইণ্টাৰনেচনেল’ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ্ছ-আপৰ স্থান লাভ কৰিছিল।

এই বৃহৎ সৌন্দৰ্য্য প্ৰতিযোগিতাত তামিলনাডুৰ বৈষ্ণৱী গণেশে প্ৰথম ৰানাৰ্ছ-আপৰ লগতে ‘মিছ ইণ্টাৰনেচনেল ইণ্ডিয়া ২০২৬’ৰ খিতাপ লাভ কৰাৰ বিপৰীতে গুজৰাটৰ অনুশ্ৰী সাতৱলেকাৰে দ্বিতীয় ৰানাৰ্ছ-আপৰ স্থান দখল কৰে। ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ বিজয়ী সুস্মিতা সেনৰ নেতৃত্বত গঠন কৰা বিচাৰকৰ পেনেলত প্ৰাক্তন মিছ ইউনিভাৰ্ছ ইণ্ডিয়া চেলিনা জেইটলী, উৰ্বশী ৰাউতেলা, ২০২৪ ৰ বিজয়ী ৰিয়া সিংহকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

এই ৰাষ্ট্ৰীয় বিজয়ৰ পিছত কাজীিয়া লিজ মেজোৱে ২০২৬ চনৰ নৱেম্বৰ মাহত পুৱেৰ্টো ৰিকোত অনুষ্ঠিত হ’বলগীয়া ৭৫ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ২০২৪ চনৰ পৰা গ্লামানন্দ গ্ৰুপে আয়োজন কৰি অহা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ জৰিয়তে কেৰালাৰ এই উদীয়মান তৰুণীগৰাকীয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰাৰ দিশত অগ্ৰসৰ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...