২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেচন’ (BAS) নামৰ নিজা মহাকাশ কেন্দ্ৰ স্থাপনৰ দিশত দ্ৰুতগতিত কাম কৰি আছে বুলি দেওবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) অধ্যক্ষ ড° ভি নাৰায়ণনে ঘোষণা কৰে। আহমেদাবাদত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ নিশ্চিত কৰে যে প্ৰস্তাৱিত এই মহাকাশ কেন্দ্ৰটোৰ প্ৰথমটো মডিউলৰ বাবে ইতিমধ্যে চৰকাৰী অনুমোদন লাভ কৰা হৈছে।

৬৪ বছৰৰ আগতে আৰম্ভ হোৱা ভাৰতৰ মহাকাশ কাৰ্যসূচী বৰ্তমান অত্যন্ত বিস্তৃত হৈ পৰিছে বুলি উল্লেখ কৰি নাৰায়ণনে জনায় যে মহাকাশভিত্তিক প্ৰযুক্তি এতিয়া পৃথিৱী পৰ্যবেক্ষণ, দূৰ সংবেদন, দূৰসংযোগ, দূৰদৰ্শন সম্প্ৰচাৰ, দূৰশিক্ষণ, দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী প্ৰদান আৰু নেভিগেচনৰ দৰে ৫০টাৰো অধিক খণ্ডত প্ৰত্যক্ষভাৱে ব্যৱহাৰ হৈ আছে। অনাগত সময়ত মহাকাশলৈ মানুহ প্ৰেৰণৰ ‘গগনযান’ অভিযান আৰু নিজা মহাকাশ কেন্দ্ৰ স্থাপনৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰ্যকৰী কৰিবলৈ ইছৰ’ই ব্যাপক প্ৰস্তুতি চলাইছে।

একেটা অনুষ্ঠানতে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ প্ৰকাশ শেখাৱতে ২০২৩ চনত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল আৰু ঐতিহাসিক অৱতৰণৰ কথা স্মৰণ কৰে। চন্দ্ৰযান-৩ অৱতৰণ কৰা স্থানটোক ‘শিৱ শক্তি পইণ্ট’ হিচাপে নামকৰণ কৰাৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ মহাকাশ বিজ্ঞানৰ সাফল্যক ভূয়সী প্ৰশংসা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...