২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয় ইষ্ট বেংগলৰ

২২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই ডুৰাণ্ড কাপৰ ট্ৰফী জয় কৰিলে ইষ্ট বেংগল এফ চিয়ে। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত চিৰপ্ৰতিদ্বন্দ্বী মোহনবাগান ছুপাৰ জায়েণ্টক ৪-১ গ’লত পৰাস্ত কৰি ইষ্ট বেংগলে অভিলেখসংখ্যক ১৭সংখ্যক ডুৰাণ্ড কাপ জয় কৰে।

মেচৰ আৰম্ভণিৰ পৰাই ইষ্ট বেংগলে আক্ৰমণাত্মক ফুটবল খেলি মোহনবাগানক চাপত ৰাখে। দশম মিনিটত বিপিন সিঙে প্ৰথমটো গ’ল কৰাৰ পাছতে ১২ আৰু ২৩ মিনিটত এডমণ্ড লালৰিন্দিকাই দুটা গ’ল কৰি দলক ৩-০ অগ্ৰগতি দিয়ে।

৩৩ মিনিটত মনবীৰ সিঙে মোহনবাগানৰ হৈ এটা গ’ল দি ব্যৱধান কমায়। কিন্তু প্ৰথমাৰ্ধ শেষ হোৱাৰ ঠিক আগতে, ৪৪ মিনিটত লালৰিন্দিকাই নিজৰ তৃতীয়টো গ’ল কৰি হেট্ৰিক সম্পূৰ্ণ কৰে।

দ্বিতীয়াৰ্ধত আৰু কোনো গ’ল নহ’ল। শেষত ৪-১ গ’লৰ ব্যৱধানত জয়ী হৈ ২২ বছৰৰ পাছত ডুৰাণ্ড কাপৰ ট্ৰফী পুনৰ নিজৰ দখললৈ আনিলে ইষ্ট বেংগলে। এই জয়ৰ লগে লগে ডুৰাণ্ড কাপৰ সৰ্বাধিক খিতাপ জয়ৰ ক্ষেত্ৰত মোহনবাগানৰ সৈতে ১৭টা খিতাপেৰে সমতা স্থাপন কৰিলে দলটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...