বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নুমলীগড় NRL শাখাৰ নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে ।

মেঘালয়ৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নুমলীগড় NRL শাখাৰ নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়লৈ ইন্ধন সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেঘালয়ত অসমৰ চালক, পৰ্যটক আৰু অসম পঞ্জীয়নভুক্ত বাহনৰ ওপৰত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইউনিয়নটোৱে।

ইউনিয়নৰ সিদ্ধান্ত অনুসৰি, অসমৰ পৰা মেঘালয়লৈ পেট্ৰ’ল, ডিজেল আৰু LPG কঢ়িয়াই নিয়া কোনো ধৰণৰ টেংকাৰ এতিয়া মেঘালয়লৈ যাত্ৰা নকৰিব। এই সৰবৰাহ বন্ধৰ ফলত চুবুৰীয়া ৰাজ্যখনত ইন্ধনৰ যোগানত সংকট সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।

ইফালে, পৰিস্থিতি স্বাভাৱিক কৰাৰ উদ্দেশ্যে মেঘালয়ৰ এটা প্ৰতিনিধি দলে গুৱাহাটীত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰে। শ্বিলঙত অসমৰ পৰ্যটক আৰু অসম পঞ্জীয়নভুক্ত বাহনৰ ওপৰত সংঘটিত আক্ৰমণৰ বিষয়টো প্ৰতিনিধি দলটোৱে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত উত্থাপন কৰে।

শেহতীয়া ঘটনাক লৈ অসম আৰু মেঘালয়ৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ইন্ধন সৰবৰাহ বন্ধৰ সিদ্ধান্তই পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে। এতিয়া দুয়োখন ৰাজ্যৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...

বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ...