শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ ৰাজপথত ফ্লেগ মাৰ্চ কৰে CRPF আৰু RAFৰ জোৱানে। শান্তি-শৃংখলা বজাই ৰখা আৰু জনসাধাৰণৰ মাজত নিৰাপত্তাৰ বিশ্বাস অটুট ৰখাৰ লক্ষ্যৰে সংবেদনশীল অঞ্চলসমূহত এই ফ্লেগ মাৰ্চ কৰা হয়।
১৯ আগষ্টত Khasi Students’ Union (KSU)ৰ ক’লা পতাকাৰ বাইক ৰেলীক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে শ্বিলঙত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। ঘটনাত শিলাবৰ্ষণ,বাহনত আক্ৰমণ, চৰকাৰী সম্পত্তি জ্বলাই পেলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই CRPF আৰু RAFসহ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ৫ কোম্পানী মোতায়েন কৰিছে। এই বাহিনী ২৫ আগষ্টলৈকে ৰাজ্যখনত থাকিব।
ইফালে, হিংসাত্মক ঘটনাৰ পিছত KSUৰ সভাপতি Raymond Kharjana, উপ-সভাপতি Pynkmenlang Sanmiet আৰু সাধাৰণ সম্পাদক Reuben Najiarক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
পুনৰ উত্তেজনা বৃদ্ধি ৰোধ কৰিবলৈ BNSSৰ ধাৰা ১৬৩ৰ অধীনত ৰাজহুৱা সমাৱেশ আৰু জমায়েতৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে
