বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছত সংঘটিত সংঘাতৰ বাবে আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ লিয়াণ্ড্ৰ’ পাৰেডেছক ১০খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে নিষিদ্ধ কৰিছে ফিফাই।

সতীৰ্থ নাহুৱেল ম’লিনাক ৭খন মেচৰ নিষেধাজ্ঞা দিয়া হৈছে। দুয়োগৰাকী খেলুৱৈকে ৯০,০০০ ডলাৰকৈ জৰিমনাও বিহা হৈছে।

ফাইনেলৰ অন্তিম হুইচেলৰ পিছত আৰ্জেণ্টিনা আৰু স্পেইনৰ খেলুৱৈৰ মাজত সংঘাতৰ সৃষ্টি হয়। পাৰেডেছে স্পেইনৰ এৰিক গাৰ্চিয়াৰ ডিঙি ধৰি পেলাই দিয়াৰ লগতে তেওঁক আঘাত কৰাৰ অভিযোগ উত্থাপিত হয়।

গাভি আৰু আৰ্জেণ্টিনাৰ থিয়াগো আলমাডাক এখনকৈ মেচৰ নিষেধাজ্ঞা আৰু ৩০,০০০ ডলাৰকৈ জৰিমনা বিহা হৈছে। আৰ্জেণ্টিনাৰ কোচিং ষ্টাফৰ সদস্য ৰবাৰ্টো আয়ালাক ৩খন মেচৰ নিষেধাজ্ঞা দিয়া হৈছে।

ইফালে, বিভিন্ন শাস্তিমূলক নিয়ম ভংগৰ বাবে আৰ্জেণ্টিনা ফুটবল সংস্থা (AFA)-ক ৩.২১ লাখ ডলাৰ জৰিমনা বিহা হৈছে। লগতে আৰ্জেণ্টিনাৰ পৰৱৰ্তী দুখন ঘৰুৱা মেচ ৫০ শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

AFA-ই এই শাস্তিৰ বিৰুদ্ধে আপীল কৰাৰ কথা ঘোষণা কৰিছে। প্ৰয়োজন হ’লে CAS-ত গোচৰ তৰিব বুলিও সংস্থাটোৱে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...