বিশ্বকাপ ফুটবল ২০২৬ৰ এক সংঘাত আৰু FIFAৰ কঠোৰ সিদ্ধান্ত

২০২৬ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছত সংঘটিত সংঘাতৰ বাবে আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ লিয়াণ্ড্ৰ’ পাৰেডেছক ১০খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে নিষিদ্ধ কৰিছে ফিফাই।

সতীৰ্থ নাহুৱেল ম’লিনাক ৭খন মেচৰ নিষেধাজ্ঞা দিয়া হৈছে। দুয়োগৰাকী খেলুৱৈকে ৯০,০০০ ডলাৰকৈ জৰিমনাও বিহা হৈছে।

ফাইনেলৰ অন্তিম হুইচেলৰ পিছত আৰ্জেণ্টিনা আৰু স্পেইনৰ খেলুৱৈৰ মাজত সংঘাতৰ সৃষ্টি হয়। পাৰেডেছে স্পেইনৰ এৰিক গাৰ্চিয়াৰ ডিঙি ধৰি পেলাই দিয়াৰ লগতে তেওঁক আঘাত কৰাৰ অভিযোগ উত্থাপিত হয়।

গাভি আৰু আৰ্জেণ্টিনাৰ থিয়াগো আলমাডাক এখনকৈ মেচৰ নিষেধাজ্ঞা আৰু ৩০,০০০ ডলাৰকৈ জৰিমনা বিহা হৈছে। আৰ্জেণ্টিনাৰ কোচিং ষ্টাফৰ সদস্য ৰবাৰ্টো আয়ালাক ৩খন মেচৰ নিষেধাজ্ঞা দিয়া হৈছে।

ইফালে, বিভিন্ন শাস্তিমূলক নিয়ম ভংগৰ বাবে আৰ্জেণ্টিনা ফুটবল সংস্থা (AFA)-ক ৩.২১ লাখ ডলাৰ জৰিমনা বিহা হৈছে। লগতে আৰ্জেণ্টিনাৰ পৰৱৰ্তী দুখন ঘৰুৱা মেচ ৫০ শতাংশ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

AFA-ই এই শাস্তিৰ বিৰুদ্ধে আপীল কৰাৰ কথা ঘোষণা কৰিছে। প্ৰয়োজন হ’লে CAS-ত গোচৰ তৰিব বুলিও সংস্থাটোৱে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...