RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ|

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ আহ্বান জনোৱা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আয়োগ (USCIRF)ৰ মন্তব্যক তীব্ৰভাৱে নাকচ কৰিছে ভাৰতে। USCIRFক “পক্ষপাতদুষ্ট” আৰু বিশ্বাসযোগ্যতা নথকা সংস্থা হিচাপে অভিহিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

শুকুৰবাৰে অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেলত চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে USCIRFৰ মন্তব্য সন্দৰ্ভত কয় যে সংস্থাটোৱে দীৰ্ঘদিন ধৰি ভাৰতৰ বিৰুদ্ধে “অপমানজনক আৰু উচটনিমূলক” মন্তব্য কৰি আহিছে।

জয়ছোৱালে কয়, “এয়া এটা পক্ষপাতদুষ্ট সংস্থা। এনে সংস্থাৰ পৰা আঁতৰি থকাই উচিত, কিয়নো তেওঁলোকৰ কোনো বিশ্বাসযোগ্যতা নাই।”

ইয়াৰ পূৰ্বে USCIRFৰ জ্যেষ্ঠ বিষয়াসকলে RSSৰ নেতাসকলক আমেৰিকাত কূটনৈতিক সৌজন্য প্ৰদান নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ধৰ্মীয় স্বাধীনতা উলংঘনৰ অভিযোগত RSSৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞাৰ পোষকতা কৰিছিল।

মাৰ্চ মাহত প্ৰকাশিত USCIRFৰ বাৰ্ষিক প্ৰতিবেদনতো ভাৰতত ধৰ্মীয় স্বাধীনতা উলংঘনৰ অভিযোগ উত্থাপন কৰি RSS আৰু RAWকে ধৰি কেইবাটাও ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞাৰ পৰামৰ্শ দিয়া হৈছিল।

অৱশ্যে, ভাৰতে USCIRFৰ এনে পৰামৰ্শ পূৰ্বৰে পৰা নাকচ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০...