RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ|

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ আহ্বান জনোৱা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আয়োগ (USCIRF)ৰ মন্তব্যক তীব্ৰভাৱে নাকচ কৰিছে ভাৰতে। USCIRFক “পক্ষপাতদুষ্ট” আৰু বিশ্বাসযোগ্যতা নথকা সংস্থা হিচাপে অভিহিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

শুকুৰবাৰে অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেলত চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে USCIRFৰ মন্তব্য সন্দৰ্ভত কয় যে সংস্থাটোৱে দীৰ্ঘদিন ধৰি ভাৰতৰ বিৰুদ্ধে “অপমানজনক আৰু উচটনিমূলক” মন্তব্য কৰি আহিছে।

জয়ছোৱালে কয়, “এয়া এটা পক্ষপাতদুষ্ট সংস্থা। এনে সংস্থাৰ পৰা আঁতৰি থকাই উচিত, কিয়নো তেওঁলোকৰ কোনো বিশ্বাসযোগ্যতা নাই।”

ইয়াৰ পূৰ্বে USCIRFৰ জ্যেষ্ঠ বিষয়াসকলে RSSৰ নেতাসকলক আমেৰিকাত কূটনৈতিক সৌজন্য প্ৰদান নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ধৰ্মীয় স্বাধীনতা উলংঘনৰ অভিযোগত RSSৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞাৰ পোষকতা কৰিছিল।

মাৰ্চ মাহত প্ৰকাশিত USCIRFৰ বাৰ্ষিক প্ৰতিবেদনতো ভাৰতত ধৰ্মীয় স্বাধীনতা উলংঘনৰ অভিযোগ উত্থাপন কৰি RSS আৰু RAWকে ধৰি কেইবাটাও ব্যক্তি আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞাৰ পৰামৰ্শ দিয়া হৈছিল।

অৱশ্যে, ভাৰতে USCIRFৰ এনে পৰামৰ্শ পূৰ্বৰে পৰা নাকচ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...