YouTubeত কন্টেট বনোৱাসকলৰ বাবে ডাঙৰ খবৰ; ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া হৈ পৰিব অধিক কঠিন

নতুন আৰু উদীয়মান ক্ৰিয়েটৰসকলৰ বাবে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া অধিক কঠিন হৈ পৰিব। ইউটিউবে তেওঁলোকৰ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ (YPP) উপাৰ্জনৰ নীতিত এক ডাঙৰ পৰিৱৰ্তন আনিছে। নতুন নিয়ম অনুসৰি, ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা বিজ্ঞাপন আৰু প্ৰীমিয়াম ৰাজহ অংশীদাৰিত্বৰ বাবে আবেদন কৰিবলৈ চেনেলসমূহে ৩৬৫ দিনত ন্যূনতম ৮,০০০ ঘণ্টাৰ ৱাটচ টাইম বা ৯০ দিনত ২ কোটি (২০ মিলিয়ন) শ্বৰ্টছ ভিউ লাভ কৰিব লাগিব।

এইটো ২০১৮ চনৰ পিছত ইউটিউবৰ মনিটাইজেচন নিয়মৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। বৰ্তমানৰ নিয়ম অনুসৰি ৪,০০০ ঘণ্টাৰ ৱাটচ টাইম বা ১ কোটি শ্বৰ্টছ ভিউৰ প্ৰয়োজন হৈছিল, যাক এতিয়া পোনে পোনে দুগুণ কৰা হৈছে। অৱশ্যে ১,০০০ গ্ৰাহক (Subscribers) পোৱাৰ চৰ্ত আৰু ৫০০০ গ্ৰাহকৰ ফ্যান ফান্ডিং বা শ্বপিং ফিচাৰৰ নিয়মবোৰ পূৰ্বৰ দৰেই থাকিব।

এই নতুন নিয়ম কেৱল নতুনকৈ আবেদন কৰা ক্ৰিয়েটৰসকলৰ বাবেহে প্ৰযোজ্য হ’ব। যিসকল ক্ৰিয়েটৰ ইতিমধ্যে ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ অংশ হৈ আছে, তেওঁলোকৰ ওপৰত এই ৮,০০০ ঘণ্টাৰ চৰ্তই কোনো প্ৰভাৱ নেপেলায়। কিন্তু বিদ্যমান ক্ৰিয়েটৰসকলেও ৩১ জানুৱাৰী ২০২৭ৰ ভিতৰত ইউটিউবৰ নতুন চুক্তিত সন্মতি জনাব লাগিব আৰু চেনেলটো সক্ৰিয় ৰাখিবলৈ কিছুমান ন্যূনতম নিয়ম মানি চলিব লাগিব। ইউটিউবৰ মতে, এই পৰিৱৰ্তনে প্লেটফৰ্মটিত মানদণ্ড ধৰি ৰখাত আৰু সক্ৰিয় ক্ৰিয়েটৰসকলক সঠিক ফল দিয়াত সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...

পদত্যাগৰ পিছত পুনৰ সক্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান: ‘Gen Z’ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিশ্ববিদ্যালয়সমূহত সম্পৰ্ক অভিযান

পেপাৰ লিক সংক্ৰান্তীয় বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়...