মিউচুৱেল ট্ৰেন্সফাৰক লৈ শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা, সময়মতে নতুন বিদ্যালয়ত যোগদানৰ নিৰ্দেশ

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ Inter-District Mutual Transfer আৰু Intra-District Mutual Transferক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। ২০ আগষ্ট, ২০২৬ তাৰিখে জাৰি কৰা এই জাননীত মিউচুৱেল ট্ৰেন্সফাৰৰ জৰিয়তে নতুন বিদ্যালয়লৈ বদলি হোৱা শিক্ষকসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত নতুন কৰ্মস্থলীত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি, ১০ আগষ্টত ‘Teacher Transfer Management System (TTMS)’ৰ জৰিয়তে জাৰি কৰা মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ আৰু ১৯ আগষ্টৰ কাৰ্যালয়ৰ জাননীৰ পিছতো একাংশ শিক্ষকক এতিয়াও তেওঁলোকৰ নতুন বিদ্যালয়ত যোগদান নকৰা দেখা গৈছে।

বিশেষকৈ, যিসকল মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত দুয়োগৰাকী শিক্ষকেই Census duty-ত নিয়োজিত বা মোতায়েন হোৱা নাই, সেই ক্ষেত্ৰত দুয়োগৰাকী শিক্ষকেই তেওঁলোকক আৱণ্টিত নতুন বিদ্যালয়ত নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগদান কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে।

সঞ্চালকালয়ে লগতে সকীয়াই দিছে যে এই নিৰ্দেশনা পালন নকৰা বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব আৰু নিৰ্দেশ অমান্য কৰা শিক্ষকসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জাননীখনত সংশ্লিষ্ট District Elementary Education Officer, Deputy Inspector of Schools, Treasury Officer, Block Elementary Education Officer আৰু বিদ্যালয়ৰ Head Teacher/Headmasterসকলক বিষয়টোত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৱগত কৰা হৈছে।

অসমৰ Elementary Education বিভাগৰ সঞ্চালক সুৰঞ্জনা সেনাপতি, ACS-এ ২০ আগষ্ট, ২০২৬ তাৰিখে এই জাননী জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...

পদত্যাগৰ পিছত পুনৰ সক্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান: ‘Gen Z’ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিশ্ববিদ্যালয়সমূহত সম্পৰ্ক অভিযান

পেপাৰ লিক সংক্ৰান্তীয় বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়...