জে’লৰ পৰা ওলাই পুনৰ জে’লত সোমাল ইমৰাণ খান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক শুকুৰবাৰে পুৱতি নিশা চিকিৎসাৰ বাবে আদিয়ালা জে’লৰ পৰা হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক ‘চিকিৎসাগতভাৱে সুস্থ’ বুলি ঘোষণা কৰাৰ পিছতে কেইঘণ্টামানৰ ভিতৰতে পুনৰ জে’ললৈ ঘূৰাই পঠিওৱা হয়।

৭৩ বছৰীয়া ইমৰাণ খানক নিশা কটকটীয়া নিৰাপত্তাৰ মাজেৰে জে’লৰ পৰা হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, পৰৱৰ্তী শুনানি ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত নোহোৱা পৰ্যন্ত তেওঁ হাস্পতালত থকাৰ কথা আছিল। কিন্তু পাকিস্তান চৰকাৰে চিকিৎসাৰ বিষয়টো লৈ আপত্তি জনোৱাৰ মাজতে তেওঁক চিকিৎসা পৰীক্ষাৰ পিছত পুনৰ জেললৈ পঠিওৱা হয়।

প্ৰথমতে চৰকাৰী বিষয়াসকলে ইমৰাণ খানক ইছলামাবাদৰ শ্বিফা ইণ্টাৰনেশ্যনেল হাস্পতালত চিকিৎসা পৰীক্ষা কৰা বুলি জনাইছিল। অৱশ্যে পাকিস্তানৰ তথ্য মন্ত্ৰী আত্তাউল্লাহ তাৰাৰে পিছত স্পষ্ট কৰে যে পৰীক্ষা চৰকাৰী চিকিৎসালয় পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (PIMS)-তহে কৰা হৈছিল।

চিকিৎসকে ইমৰাণ খানক ‘চিকিৎসাগতভাৱে সুস্থ’ বুলি ঘোষণা কৰাৰ পিছত পুৱতি নিশা প্ৰায় ৫ বজাত তেওঁক পুনৰ আদিয়ালা জে’ললৈ লৈ যোৱা হয়। তেওঁৰ ভগ্নী উজমা খানো এই সময়ছোৱাত উপস্থিত আছিল।

ইফালে, সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছু দৃশ্যত কটকটীয়া নিৰাপত্তাৰ মাজত এখন এম্বুলেন্সৰ পৰা ইমৰাণ খানক ওলাই অহা দেখা গৈছে বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে ২০২৩ চনৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছে ইমৰাণ খান। পাকিস্তান তেহৰিক-ই-ইনছাফ (PTI)ৰ নেতা ইমৰাণ খান দেশখনৰ চৰকাৰ আৰু তেওঁৰ দলৰ মাজৰ চলি থকা ৰাজনৈতিক সংঘাতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ হৈ আছে।

£১৯০ মিলিয়ন আল-কাদিৰ ট্ৰাষ্ট দুৰ্নীতি গোচৰত তেওঁক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে আন কেইবাটাও আইনী গোচৰ চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

YouTubeত কন্টেট বনোৱাসকলৰ বাবে ডাঙৰ খবৰ; ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া হৈ পৰিব অধিক কঠিন

নতুন আৰু উদীয়মান ক্ৰিয়েটৰসকলৰ বাবে ইউটিউবৰ পৰা টকা উপাৰ্জন...

মিউচুৱেল ট্ৰেন্সফাৰক লৈ শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা, সময়মতে নতুন বিদ্যালয়ত যোগদানৰ নিৰ্দেশ

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ Inter-District Mutual Transfer আৰু...

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ , বৰ্তমান ২২ বছৰ পুৰণি গোচৰৰ পৰা হ’ল দোষমুক্ত

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈক ২২ বছৰ পুৰণি এক...