এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ , বৰ্তমান ২২ বছৰ পুৰণি গোচৰৰ পৰা হ’ল দোষমুক্ত

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈক ২২ বছৰ পুৰণি এক অপৰাধমূলক গোচৰত সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰিছে দিল্লীৰ পাটিয়ালা আদালতে। দোষমুক্ত হোৱা ক্ৰিকেটাৰগৰাকী হৈছে জেকব মাৰ্টিন।

২০০৪ চনত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত জেকব মাৰ্টিনৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল। তেওঁৰ বিৰুদ্ধে ভুৱা ব্ৰিটিছ ইমিগ্ৰেচন ষ্টাম্প ব্যৱহাৰ, ভ্ৰমণৰ ব্যৱস্থা আৰু ধন-লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪৬৮, ৪৭১ আৰু ১২০-বি ধাৰাৰ লগতে পাছপ’ৰ্ট আইনৰ ১২নং ধাৰাত তেওঁৰ বিৰুদ্ধে অভিযোগ আনা হৈছিল।

কিন্তু গোচৰটোৰ শুনানিৰ সময়ত অভিযোগসমূহ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত আৰু বিশ্বাসযোগ্য প্ৰমাণ আদালতৰ সন্মুখত উপস্থাপন কৰিব পৰা নগ’ল। লগতে কেইবাগৰাকীও সাক্ষীয়ে জেকব মাৰ্টিনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ নিশ্চিত কৰিব নোৱাৰিলে।

উল্লেখ্য যে, সোঁহতীয়া বেটছমেন জেকব মাৰ্টিনে ভাৰতীয় ক্ৰিকেট দলৰ হৈ ১০খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। এই ১০খন মেচত তেওঁ মুঠ ১৫৮ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ বেটিং গড় আছিল ২২.৫৭।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পদত্যাগৰ পিছত পুনৰ সক্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান: ‘Gen Z’ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিশ্ববিদ্যালয়সমূহত সম্পৰ্ক অভিযান

পেপাৰ লিক সংক্ৰান্তীয় বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়...

জাপানৰ সৈতে যুদ্ধৰ প্ৰস্তুতি পুটিনৰ? পাৰমাণৱিক চাবমেৰিন লৈ উপস্থিত ৰাছিয়ান সেনা

ৰাছিয়া আৰু জাপানৰ মাজত বিতৰ্কিত কুৰিল দ্বীপপুঞ্জক লৈ পুনৰ...

YouTubeত কন্টেট বনোৱাসকলৰ বাবে ডাঙৰ খবৰ; ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া হৈ পৰিব অধিক কঠিন

নতুন আৰু উদীয়মান ক্ৰিয়েটৰসকলৰ বাবে ইউটিউবৰ পৰা টকা উপাৰ্জন...