Gen Z-ৰ কাষ চাপিব মোদীৰ মন্ত্ৰীসভা, কি এই ‘One Day, One University’ কাৰ্যসূচী?

Gen Z আৰু Gen Alpha-ৰ সৈতে চৰকাৰৰ সংযোগ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক বিশ্ববিদ্যালয়ত এদিন সময় কটাই শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰস্তাৱিত ‘One Day, One University’ কাৰ্যসূচীৰ অধীনত প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এখন নিৰ্দিষ্ট বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব। বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ মতামত আৰু সমস্যাসমূহ শুনিব মন্ত্ৰীসকলে।

ইয়াৰ উপৰি, মন্ত্ৰীসকলক নিজ নিজ সমষ্টিৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা সুবিধাসমূহ পৰীক্ষা কৰিবলৈও কোৱা হৈছে। বিশেষকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু মধ্যাহ্ন ভোজনৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে যুৱ প্ৰজন্মৰ সৈতে চৰকাৰৰ পোনপটীয়া যোগাযোগ বৃদ্ধি কৰা আৰু Gen Z তথা Gen Alpha-ৰ চিন্তা, মতামত আৰু প্ৰয়োজনীয়তাক অধিক ওচৰৰ পৰা বুজি পোৱা।

ছ’চিয়েল মিডিয়াতো মন্ত্ৰীসকলক অধিক সক্ৰিয় হোৱাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ |

কেবিনেট বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ছ’চিয়েল মিডিয়া প্ৰদৰ্শনৰ এক মূল্যায়নো উপস্থাপন কৰা হয়। ১ মে’ৰ পৰা ১৫ আগষ্টলৈ Instagram, X, Facebook আৰু LinkedIn-ত মন্ত্ৰীসকলৰ activity, engagement আৰু traction-ৰ ভিত্তিত এই মূল্যায়ন কৰা হৈছিল।

এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষস্থান লাভ কৰে। শীৰ্ষ প্ৰদৰ্শনকাৰী মন্ত্ৰীসকলৰ ভিতৰত অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱ আৰু চি. আৰ. পাটিলৰ নামো আছে। মোদীয়ে মন্ত্ৰীসকলক কেৱল চৰকাৰী সিদ্ধান্ত পোষ্ট বা পুনৰ পোষ্ট কৰাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত অধিক engaging communication-ত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।

অৰ্থাৎ, নতুন প্ৰজন্মৰ সৈতে কেৱল অনলাইনত তথ্য শ্বেয়াৰ কৰাই নহয়, তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পতা আৰু তেওঁলোকৰ মতামত শুনাৰ ওপৰতো গুৰুত্ব দিব চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...

জেপিএছচি আৰু জেএছএছচি পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেন চৰকাৰৰ জেপিএছচি (JPSC) আৰু...