ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠক: সামুদ্ৰিক সহযোগিতা চুক্তিত স্বাক্ষৰ ৰাজনাথ সিং আৰু শ্বিনজিৰো কোইজুমিৰ

নতুন দিল্লীত ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজুমি যৌথভাৱে পৌৰোহিত্য কৰে। বৈঠকত সামুদ্ৰিক নিৰাপত্তা বৃদ্ধি, ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত প্ৰতিৰক্ষা প্ৰযুক্তিৰ অংশীদাৰিত্ব আৰু কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰত আলোচনা কৰা হয় আৰু দুয়োপক্ষই সামুদ্ৰিক নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় এক বুজাবুজি চুক্তিত (MoA) স্বাক্ষৰ কৰে।

বৈঠকৰ আৰম্ভণিতে ৰাজনাথ সিঙে জাপানৰ কুৰামোটো অঞ্চলত হোৱা বিধ্বংসী ভূমিকম্পৰ বাবে গভীৰ সমবেদনা প্ৰকাশ কৰে আৰু ভাৰতৰ পূৰ্ণ সহায়-সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ উল্লেখ কৰে যে গণতান্ত্ৰিক মূল্যবোধ আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা ভাৰত-জাপানৰ বন্ধুত্বই আগন্তুক বছৰত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ নিৰাপত্তা পৰস্পৰ জড়িত বুলি উল্লেখ কৰি তেওঁ মুক্ত আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক অঞ্চলৰ বাবে দুয়োখন দেশৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে, জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কোইজুমিয়ে ভূমিকম্পৰ সময়ত ভাৰতে আগবঢ়োৱা সহানুভূতি আৰু জাপানৰ নৌসেনাৰ জাহাজত সৃষ্টি হোৱা চিকিৎসা জৰুৰীকালীন অৱস্থাত ভাৰতীয় নৌসেনাই আগবঢ়োৱা সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ মুম্বাই ভ্ৰমণৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ উচ্চ সক্ষমতা আৰু মনোবল প্ৰত্যক্ষ কৰা বুলি মন্তব্য কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে নৌসেনাৰ জাহাজৰ পাৰস্পৰিক ভ্ৰমণ, যৌথ সামৰিক অনুশীলন যেনে ‘ধৰ্ম গাৰ্ডিয়ান’, ‘জাইমেক্স’ আৰু আগন্তুক বায়ুসেনাৰ অনুশীলন ‘বীৰ গাৰ্ডিয়ান ২৬’ অধিক আগুৱাই নিয়াৰ লগতে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...