১৯৮৪ চনৰ শিখবিৰোধী হিংসাৰ দোষী তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ দিল্লীত মৃত্যু

১৯৮৪ চনৰ শিখবিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ ৮০ বছৰ বয়সত মৃত্যু ঘটিছে। তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত তেওঁক দিল্লীৰ ছফদৰজং হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

১৯৮৪ চনৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত কেইবাটাও গোচৰত অভিযুক্ত সজ্জন কুমাৰক ২০১৮ চনৰ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে পালাম কলনী অঞ্চলত ৫ জন শিখ লোকৰ হত্যা আৰু গুৰুদ্বাৰ জ্বলাই দিয়াৰ ঘটনাত অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। তদুপৰি, সৰস্বতী বিহাৰৰ আন এটা গোচৰতো এগৰাকী পিতৃ আৰু পুত্ৰক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগত আদালতে তেওঁক পুনৰ যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। শেহতীয়াকৈ এটা গোচৰৰ পৰা তেওঁ ৰেহাই পাইছিল যদিও পূৰ্বৰ শাস্তিৰ বাবে তেওঁ কাৰাগাৰতেই বন্দী হৈ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...