ছাত্ৰ আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ দমনৰ অভিযোগ: উচ্চতম ন্যায়ালয়ে গঠন কৰিলে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি

নতুন দিল্লীৰ যন্তৰ-মন্তৰ তথা দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ আন্দোলনকাৰীসকলৰ ওপৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলোৱা দমনমূলক পদক্ষেপৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰিছে। প্ৰতিবাদকাৰীসকলৰ ওপৰত অতিমাত্ৰা শক্তি প্ৰয়োগৰ অভিযোগ সন্দৰ্ভত এক স্বাধীন আৰু নিৰপেক্ষ তদন্তৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ নেতৃত্বত এই ৫ জনীয়া উচ্চ পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। এই সমিতিত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰবি শংকৰ ঝা, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিন্দৰ কৌৰ, চিবিআইৰ প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লা আৰু মেঘালয়ৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণৈক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

শৈলেন্দ্ৰ মণি ত্ৰিপাঠী আৰু অন্যান্যসকলে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশনা প্ৰদান কৰা হৈছে, য’ত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে পেলেত গান, ইলেক্ট্ৰিক লাঠি, লাঠীচাৰ্জ, কন্দুৱা গেছ আৰু মহিলা প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। আনহাতে, চৰকাৰ আৰু আৰক্ষী পক্ষই দাবী কৰিছিল যে প্ৰতিবাদৰ মাজত অপৰাধমূলক প্ৰৱণতা থকা লোকে হিংসাত্মক ঘটনা সংঘটিত কৰি আৰক্ষী জোৱানক গুৰুতৰভাৱে আহত কৰিছিল আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰিছিল। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এই উচ্চ পৰ্যায়ৰ সমিতিখনে দুয়োপক্ষৰ অভিযোগ, প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ শক্তি প্ৰয়োগৰ মাত্ৰা, ভিৰ নিয়ন্ত্ৰণৰ পদ্ধতি তথা আহতসকলক চিকিৎসা সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানৰ বিষয়সমূহ বিতংভাৱে পৰীক্ষা কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন...

৭ বছৰৰ পিছত ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি! প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকৰ সম্ভাৱনা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ...

ৰে’লপথ উন্নয়নত কেন্দ্ৰৰ বৃহৎ পদক্ষেপ, অনুমোদন ২০,৮০৪ কোটি টকা

দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয়...