অসমৰ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ

অসমৰ বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ, পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰৰ পৰিকল্পনাক লৈ বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।


বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ পাছত ৰাজ্যখনত চলি থকা পুনৰ্বাসন আৰু পুনৰ্নিৰ্মাণৰ কামৰ লগতে আগন্তুক পৰ্যায়ৰ বাবে চৰকাৰৰ ৰোডমেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে।


মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বানপীড়িত লোকসকলৰ জীৱিকা পুনৰ ঘূৰাই অনা আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সামগ্ৰিক পুনৰুদ্ধাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ বান পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

শৰ্মাৰ মতে, বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে নিয়মীয়াকৈ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু পৰিস্থিতি নিৰীক্ষণ কৰিছিল। বৈঠকত প্ৰধানমন্ত্ৰীয়ে অসমৰ পুনৰুদ্ধাৰ প্ৰচেষ্টালৈ কেন্দ্ৰৰ অব্যাহত সহযোগিতাৰ আশ্বাস দিয়াৰ লগতে পৰৱৰ্তী পৰ্যায়ৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।

ইফালে, বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ চৰকাৰৰ শেহতীয়া জনাদেশৰ পাছত প্ৰথম ১০০ দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে।

উল্লেখ্য যে ২০২৬ চনৰ বানত অসমৰ কেইবাটাও অঞ্চলত ব্যাপক ক্ষতি সাধন হৈছিল। বৰ্তমান ৰাজ্যখনত বানপীড়িত অঞ্চলসমূহত পুনৰ্বাসন, পুনৰ্নিৰ্মাণ আৰু জীৱিকা পুনৰুদ্ধাৰৰ কাম অব্যাহত আছে।

৮১.২০ কোটি টকাৰে কামৰূপ মহানগৰৰ নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ নৱনিৰ্মিত সংহত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে।

৮১.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই তিনিমহলীয়া ভৱনটোৰ মুঠ আয়তন প্ৰায় ১২,৭০০ বৰ্গমিটাৰ। নতুন কাৰ্যালয়টোত একাধিক প্ৰশাসনিক কাৰ্যকলাপ একেটা ছাদৰ তললৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

ভৱিষ্যতে প্ৰয়োজন অনুসৰি ভৱনটোত আৰু দুটা মহলা সংযোজন কৰিব পৰাকৈ ইয়াৰ পৰিকল্পনা কৰা হৈছে। ২০২৩ চনৰ ৫ জানুৱাৰীত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

নতুন ভৱনটোত ৩৫০ কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি ব্যৱস্থাও স্থাপন কৰা হৈছে। ভৱিষ্যতে ইয়াৰ সৈতে আৰু ১০০ কিলোৱাট সৌৰ শক্তি ক্ষমতা সংযোজনৰ ব্যৱস্থা ৰখা হৈছে।

নতুন সংহত কাৰ্যালয়টোৱে কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক সমন্বয় অধিক উন্নত কৰাৰ লগতে সাধাৰণ নাগৰিকৰ বাবে চৰকাৰী সেৱা অধিক সহজলভ্য কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ দমনৰ অভিযোগ: উচ্চতম ন্যায়ালয়ে গঠন কৰিলে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি

নতুন দিল্লীৰ যন্তৰ-মন্তৰ তথা দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ আন্দোলনকাৰীসকলৰ...

১৯৮৪ চনৰ শিখবিৰোধী হিংসাৰ দোষী তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ দিল্লীত মৃত্যু

১৯৮৪ চনৰ শিখবিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা...

Gen Z-ৰ কাষ চাপিব মোদীৰ মন্ত্ৰীসভা, কি এই ‘One Day, One University’ কাৰ্যসূচী?

Gen Z আৰু Gen Alpha-ৰ সৈতে চৰকাৰৰ সংযোগ অধিক...