স্বাস্থ্যৰ তীব্ৰ অৱনতি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ, হাস্পতাললৈ স্থানান্তৰৰ নিৰ্দেশক প্ৰত্যাহ্বান পাকিস্তান চৰকাৰ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানে ভুগিছে তীব্ৰ মানসিক চাপত। কাৰাবন্দী প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰান খানৰ স্বাস্থ্যপতনে এতিয়া চৰ্চা লাভ কৰিছে বিশ্বৰ প্ৰায়বোৰ প্ৰান্তত ।

৭৩ বছৰীয়া খানৰ বিশেষকৈ সোঁ চকুৰ দৃষ্টিশক্তিৰ সমস্যাক লৈ তেওঁৰ পৰিয়াল আৰু দল পাকিস্তান তেহৰিক-ই-ইনছাফে (PTI) উদ্বেগ প্ৰকাশ কৰি আহিছে।ইমৰান খান ২০২৩ চনৰ আগষ্টৰ পৰা কাৰাগাৰত বন্দী হৈ আছে। কেইবাটাও গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক কাৰাবন্দী কৰা হৈছিল। অৱশ্যে খানে গোচৰসমূহক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি আহিছে।

খানৰ উন্নত চিকিৎসাৰ দাবীৰ পিছতে উচ্চতম ন্যায়ালয়ে মঙলবাৰে তেওঁক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰৰ পৰা দুদিনৰ ভিতৰত ইছলামাবাদৰ শিফা ইণ্টাৰনেচনেল হাস্পতাললৈ স্থানান্তৰৰ নিৰ্দেশ দিয়ে। পাঁচজন বিশেষজ্ঞৰে চিকিৎসা ব’ৰ্ড গঠনৰ লগতে তেওঁৰ ভগ্নী উজমা খান আৰু ব্যক্তিগত চিকিৎসক ফৈজল চুলতানক চিকিৎসা প্ৰক্ৰিয়াত অংশ লোৱাৰ অনুমতিও দিয়া হয়।

লগতে খানক সপ্তাহত এবাৰ পৰিয়ালৰ সৈতে সাক্ষাৎ আৰু লণ্ডনত থকা দুই পুত্ৰৰ সৈতে সপ্তাহত দুবাৰ ফোনত কথা পতাৰ অনুমতি দিয়া হয়।

কিন্তু এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে পাকিস্তান চৰকাৰে। বুধবাৰে ইছলামাবাদৰ মুখ্য আয়ুক্তৰ কাৰ্যালয়ে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে। চৰকাৰৰ যুক্তি, কৰ্তৃপক্ষৰ বক্তব্য নুশুনাকৈয়ে স্থানান্তৰৰ নিৰ্দেশ দি আদালতে আইনী প্ৰক্ৰিয়া উপেক্ষা কৰিছে। এনে সিদ্ধান্তই আন বন্দীকো একেধৰণৰ সুবিধা দাবী কৰাৰ সুযোগ দিব পাৰে বুলিও চৰকাৰে আশংকা প্ৰকাশ কৰিছে।

ইফালে, আদালতৰ নিৰ্দেশৰ পিছতে ইমৰান খানৰ পত্নী বুশ্ৰা বিবিয়ে দুই সন্তানৰ সৈতে আদিয়ালা কাৰাগাৰত তেওঁক সাক্ষাৎ কৰে। তেওঁৰ ভগ্নী নুৰিন নিয়াজীয়েও প্ৰায় ন মাহৰ পিছত প্ৰথমবাৰৰ বাবে খানক সাক্ষাৎ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক...

নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন, ৮০% অংশত বন্ধ দিখৌ নৈৰ প্ৰবাহ; আকৌ আহি আছে নেকি ভয়াৱহ পৰিস্থিতি?

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দিখৌ নৈৰ উজানত সংঘটিত হোৱা ভূমিস্খলনক...

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন...

নাই সুচল পথ, নাই স্থায়ী দলং; নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং সাজি যাতায়াত ৰাইজৰ

চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ,...