কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ নতুন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে। জিলাখনৰ প্ৰশাসন ব্যৱস্থা অধিক সু-শৃংখলিত আৰু জনমুখী কৰি তোলাৰ উদ্দেশ্যৰে ৮১.২০ কোটি টকা ব্যয়েৰে ১২,৭০০ বৰ্গমিটাৰ এলেকাত এই তিনিমহলীয়া ভৱনটো নিৰ্মাণ কৰা হৈছে। সেউজ শক্তিক প্ৰাধান্য দি ভৱনটোত ৩৫০ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি ব্যৱস্থা সংস্থাপন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে, তাক নিৰ্দিষ্ট সময়ত পালন কৰে। ২০২৩ চনৰ ৫ জানুৱাৰীত ‘বিকাশৰ বাবে এদিন’ কাৰ্যসূচীৰ অধীনত শিলান্যাস কৰা প্ৰকল্পসমূহৰ অন্যতম এই কাৰ্যালয়টো প্ৰতিশ্ৰুতি অনুসৰি যথাসময়ত মুকলি কৰিবলৈ পাই তেওঁ সন্তোষ প্ৰকাশ কৰে

অনুষ্ঠানৰ প্ৰধান গুৰুত্বপূৰ্ণ দিশসমূহ:

  • প্ৰশাসনিক বিকেন্দ্ৰীকৰণ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘নূন্যতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন’ৰ আহ্বানক অনুসৰণ কৰি সচিবালয়ৰ বহুখিনি ক্ষমতা জিলা আয়ুক্ত আৰু সমজিলা কাৰ্যালয়সমূহলৈ হস্তান্তৰ কৰা হৈছে, যাতে ৰাইজে ঘৰৰ ওচৰতে চৰকাৰী সেৱা লাভ কৰিব পাৰে।
  • ভূমি আৰু ফ্লেট পঞ্জীয়ন কেন্দ্ৰ: গুৱাহাটীৰ কেইবাটাও স্থানত নতুন উপ-পঞ্জীয়কসহ পঞ্জীয়ন কেন্দ্ৰ মুকলি কৰা হ’ব, যাতে পঞ্জীয়নৰ কাম-কাজ সহজ হৈ পৰে।
  • ঐতিহাসিক নথি উপহাৰ: উদ্বোধনী অনুষ্ঠানৰ পাছতে জিলা আয়ুক্তই মুখ্যমন্ত্ৰীক কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি ভূমি নথি—১৯০৪-০৫ চনৰ ৰামছা ৰাণী মৌজাৰ লা-খেৰাজ ১ নং পট্টাৰ জমাবন্দী উপহাৰ হিচাপে প্ৰদান কৰে।
  • ভৱিষ্যতৰ পৰিকল্পনা: কাৰ্যালয়ৰ চৌহদত বিধায়কসকলৰ বাবে এটা কোঠাৰ ব্যৱস্থা ৰখা, সমীপৱৰ্তী জলাশয়টো সংৰক্ষণ কৰা আৰু জিলা পৰ্যায়ৰ সকলো বিভাগৰ বাবে এটা সংহত কাৰ্যালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কাৌশিক ৰায়, মুখ্য সচিব ড° ৰবি কোটাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন...

৭ বছৰৰ পিছত ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি! প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকৰ সম্ভাৱনা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ...

ৰে’লপথ উন্নয়নত কেন্দ্ৰৰ বৃহৎ পদক্ষেপ, অনুমোদন ২০,৮০৪ কোটি টকা

দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয়...