ব্যক্তিগত ক’চিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিয়মাৱলী

অসম চৰকাৰে ৰাজ্যৰ ব্যক্তিগত ক’চিং প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ নিৰাপত্তা, কল্যাণ আৰু মানসিক স্বাস্থ্যৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ‘অসম ব্যক্তিগত ক’চিং প্ৰতিষ্ঠান (নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা) নিয়মাৱলী, ২০২৬’ ত অনুমোদন জনাইছেমাননীয় সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নতুন নিয়ম অনুসৰি, ৫০ বা তাতকৈ অধিক শিক্ষাৰ্থী থকা অসমৰ সকলো ক’চিং প্ৰতিষ্ঠান, আৱাসিক একাডেমী আৰু অনলাইন/হাইব্ৰিড প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব।

নিয়মাৱলীৰ প্ৰধান দিশসমূহ:

  • পঞ্জীয়ন আৰু মানসিক স্বাস্থ্য পৰামৰ্শদাতা: ৫০ জনতকৈ অধিক শিক্ষাৰ্থী থকা প্ৰতিষ্ঠানে বছৰি পঞ্জীয়ন নবীকৰণ কৰিব লাগিব. ১০০ বা তাতকৈ অধিক শিক্ষাৰ্থী থকা প্ৰতিষ্ঠানত এগৰাকী যোগ্যতা প্ৰাপ্ত পূৰ্ণকালীন মানসিক স্বাস্থ্য পৰামৰ্শদাতা নিযুক্তি দিয়াটো বাধ্যতামূলক।
  • অনৈতিক প্ৰতিযোগিতা আৰু ৰেংকিং নিষিদ্ধ: কেবল প্ৰদৰ্শনৰ ভিত্তিত শিক্ষাৰ্থীৰ বিভাজন কৰা, অবাস্তৱ শৈক্ষিক লক্ষ্য নিৰ্ধাৰণ কৰা আৰু ৰাজহুৱাভাৱে ৰেংকিং প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
  • অভিযোগ নিষ্পত্তি সমিতি: ৰেগিং, নিৰ্যাতন আৰু মানসিক স্বাস্থ্যৰ অৱহেলা সম্পৰ্কীয় অভিযোগ ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ প্ৰতিটো প্ৰতিষ্ঠানতে এটা ‘আভ্যন্তৰীণ অভিযোগ নিষ্পত্তি সমিতি’ গঠন হ’ব।
  • ভৌতিক সুৰক্ষা মানদণ্ড: হোষ্টেলত সুৰক্ষিত চিলিং ফেন, ছাদ আৰু বেলকনিৰ প্ৰৱেশ নিয়ন্ত্ৰণ, সংলগ্ন খিৰিকীত সুৰক্ষা ৰড লগোৱা আৰু আত্মহত্যা প্ৰতিৰোধৰ বাবে ‘টেলি-মানস’ হেল্পলাইন নম্বৰ প্ৰদৰ্শন কৰা বাধ্য কৰা হৈছে।
  • জিলা নিৰীক্ষণ সমিতি: এই নিয়মৰ সঠিকভাবে বলবৎকৰণৰ বাবে জিলা আয়ুক্তৰ অধ্যক্ষতাত আৰক্ষী অধীক্ষক আৰু শিক্ষা বিষয়াক লৈ এখন নিৰীক্ষণ সমিতি গঠন কৰা হ’ব।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...