‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ নেতা ডাঃ আশীস বেনাৰ্জীৰ মৃতদেহ বীৰভূম জিলাৰ ৰামপুৰহাটস্থিত দলীয় কাৰ্যালয়ত উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে, য’ত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল বুলি উল্লেখ কৰিছে।

উদ্ধাৰ হোৱা নোটখনত প্ৰয়াত নেতাজনে স্পষ্ট কৰি দিয়ে যে ছাত্ৰকালৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত থকাৰ পিছতো তেওঁ কেতিয়াও কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱা নাছিল আৰু কোনো কামৰ বিনিময়ত কাৰোৰে পৰা এটকাও ধন লোৱা নাছিল। তাৰাপীঠ-ৰামপুৰহাট উন্নয়ন প্ৰাধিকৰণৰ (TRDA) সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে সাধাৰণ সভাত অংশ লোৱাৰ বাহিৰে তেওঁৰ কোনো বিশেষ দায়িত্ব নাছিল আৰু তেওঁ কোনো টেণ্ডাৰ সমিতিৰ সদস্যও নাছিল। তেওঁৰ ভাবমূৰ্তি ধ্বংস কৰা আৰু অপমানিত কৰাৰ বাবে চলোৱা ষড়যন্ত্ৰক তীব্ৰ গৰিহণা দি তেওঁ নিজৰ পৰিয়ালৰ লোকসকলক ভৱিষ্যতে কেতিয়াও ৰাজনীতিত ভৰি নিদি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

ইফালে, এই ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অপপ্ৰচাৰ চলোৱা বিৰোধী শক্তিক দোষাৰোপ কৰে। উল্লেখ্য যে, ২০০১ চনৰ পৰা ৰামপুৰহাট সমষ্টিৰ বিধায়ক হিচাপে সেৱা আগবঢ়োৱা ডাঃ বেনাৰ্জীয়ে পশ্চিমবংগ চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু কৃষি মন্ত্ৰীৰ লগতে বিধানসভাৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...