‘প্ৰযুক্তিৰ পৰিৱৰ্তনৰ মাজতো পুথিভঁৰালৰ আত্মা অপৰিৱৰ্তিত হৈ আছে’ – ৰাষ্ট্ৰীয় পুথিভঁৰালী দিৱসত বিকাশ চৰকাৰ

“গ্ৰন্থ হৈছে মানৱ সভ্যতাৰ চালিকা শক্তি। প্ৰযুক্তিৰ বিকাশৰ লগে লগে গ্ৰন্থৰ জগতখনলৈও বহু পৰিৱৰ্তন আহিছে। কিন্তু গ্ৰন্থৰ আত্মা আৰু ইয়াৰ আবেদন আজিও অপৰিৱৰ্তিত হৈ আছে। এই ধাৰাবাহিকতা অটুট ৰখাত পুথিভঁৰালসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পুথিভঁৰাল হৈছে গ্ৰন্থৰ মন্দিৰ আৰু পুথিভঁৰালীসকল সেই মন্দিৰৰ ৰক্ষক।”

ৰাষ্ট্ৰীয় পুথিভঁৰালী দিৱস উপলক্ষে গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁৰালত আয়োজিত এখন বিশেষ সভাত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক তথা সাংবাদিক বিকাশ চৰকাৰে।

সভাত বিশ্ববিদ্যালয়ৰ পুথিভঁৰালী ড০ ৰুবী গোস্বামীয়ে ভাৰতীয় পুথিভঁৰাল বিজ্ঞানৰ জনক হিচাপে পৰিচিত ড০ এছ. আৰ. ৰঙ্গনাথনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। সভাৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰে মুখ্য বক্তা বিকাশ চৰকাৰক সম্বৰ্ধনা জনায়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ নৰেন্দ্ৰনাথ দত্তই শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি তেওঁলোকৰ শৈক্ষিক আৰু ব্যক্তিগত বিকাশত পুথিভঁৰালৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।

সভাত ড০ সন্তোষ মোহন উপাধ্যায়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত বৃষ্টি মৌচম কাশ্যপে সৰস্বতী বন্দনা পৰিৱেশন কৰে। আনহাতে, সভাখন পৰিচালনা কৰে সহকাৰী অধ্যাপিকা পংখী কাশ্যপে।

ৰাষ্ট্ৰীয় পুথিভঁৰালী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই অনুষ্ঠানটোৱে পুথিভঁৰালৰ গুৰুত্ব, পঢ়াৰ অভ্যাস আৰু জ্ঞানচৰ্চাৰ ক্ষেত্ৰত পুথিভঁৰালৰ অপৰিসীম ভূমিকা পুনৰবাৰ উজলাই তোলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...