ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে ধেমাজি জিলা সমিতিৰ উদ্যোগত সোমবাৰে জিলাখনৰ তিনিটা শৈক্ষিক খণ্ড—মুৰ্কংচেলেক, ধেমাজি আৰু বৰদলনি—ত গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। জিলাখনৰ তিনিওটা স্থানত একেলগে অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰায় ২০০গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২৬ৰ মূল বিষয় “বহন ক্ষমতাৰ বাবে বিজ্ঞান আৰু উদ্ভাৱন” ৰ লগতে ইয়াৰ পাঁচটা উপ-বিষয়ৰ ওপৰত গাইড শিক্ষকসকলক বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হয়। দুবছৰৰ বিৰতিৰ পিছত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহৰ বাবে শিশু বিজ্ঞানীসকলক প্ৰকল্প প্ৰস্তুত কৰাত সহায় কৰা, নতুন নিৰ্দেশনা অনুসৰি পঞ্জীয়ন প্ৰক্ৰিয়া, প্ৰকল্পৰ বিষয়বস্তু নিৰ্বাচন, প্ৰকল্প উপস্থাপন আৰু প্ৰতিবেদন লিখন আদিৰ বিষয়ে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয়।

পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাইৰ গালী হাইস্কুলত অনুষ্ঠিত কৰ্মশালাসমূহ ক্ৰমে সহঃ সমন্বয়ক ডম্বৰু দিহিঙীয়া, নীলমণি চুতীয়া আৰু প্ৰণৱ দলেৰ তৎপৰতাত সুকলমে সম্পন্ন হয়।
উল্লেখ্য যে, ধেমাজি জিলাৰ বিজ্ঞান জনপ্ৰিয়কৰণ তথা শিশু বিজ্ঞান সমাৰোহৰ সমল ব্যক্তি আৰু ৰাজ্যিক কৃতি শিক্ষক, ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপালচন্দ্ৰ দেৱৰ ১০ আগষ্টৰ পুৱা আকস্মিকভাৱে বিয়োগ ঘটে। তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তিনিওটা কৰ্মশালাতে এক মিনিট মৌন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।
কৰ্মশালাত সমল ব্যক্তি হিচাপে বৰদলনি শিক্ষাখণ্ডত পূৰৱী কাকতি, ইন্দিবৰ বৰগোহাঁই আৰু নয়নদীপ দত্ত; ধেমাজি শিক্ষাখণ্ডত কৈলাশ সিং, সত্যব্ৰত গগৈ, ৰূপম অধিকাৰী আৰু ডম্বৰু দিহিঙীয়া; তথা মুৰ্কংচেলেক শিক্ষাখণ্ডত বিজয় লাগাছু, মহানন্দ পেগু আৰু প্ৰণৱ দলে উপস্থিত থাকি বিভিন্ন বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়। দৃশ্য-শ্ৰাৱ্য মাধ্যমৰ সহায়ত প্ৰকল্পৰ বিষয়বস্তু নিৰ্বাচন, প্ৰকল্প প্ৰস্তুতি, উপস্থাপন আৰু প্ৰতিবেদন লিখনৰ কৌশল আদি বুজাই দিয়া হয়।
ইফালে, তিনিওটা স্থানতে অনুষ্ঠিত কৰ্মশালাত জিলা সমিতিৰ হৈ জিলা সমন্বয়ক অমিয় বৰুৱা, কাৰ্যকৰী সভাপতি মেঘনাথ টায়ে, উপ-সভাপতি বন্দনা হাজৰিকা, শৈক্ষিক সভাপতি দুলাল চন্দ্ৰ ভূঞা, উপদেষ্টা কন্দৰ্প তামুলী আৰু গোবিন দত্ত উপস্থিত থাকে। লগতে সংশ্লিষ্ট প্ৰশিক্ষণৰ স্থান থকা বিদ্যালয়সমূহৰ বিদ্যালয় প্ৰধানসকলো উপস্থিত থাকে।
ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক চিন্তাধাৰা, অনুসন্ধিৎসা আৰু উদ্ভাৱনী কৌশল বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত জিলাখনৰ অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে কৰ্মশালাতে আহ্বান জনোৱা হয়। আগন্তুক জিলা পৰ্যায়ৰ অনুষ্ঠানটো ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি বিদ্যালয়খনৰ তৰফৰ পৰা সকলো গাইড শিক্ষকক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।
সুন্দৰভাৱে তিনিওটা শৈক্ষিক খণ্ডত প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হোৱাত ধেমাজি জিলা উদযাপন সমিতি ২০২৬ৰ সমন্বয়ক অমিয় বৰুৱা আৰু শৈক্ষিক সমন্বয়ক নয়নদীপ দত্তই সকলো সমল ব্যক্তি, বিদ্যালয় প্ৰধান, গাইড শিক্ষক আৰু সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে অহা ১৫ আগষ্টৰ ভিতৰত n-csc.in প’ৰ্টেলৰ জৰিয়তে শিশু বিজ্ঞানী আৰু গাইড শিক্ষকসকলৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।
