বিমানত ইথানল মিহলোৱাৰ কোনো প্ৰস্তাৱ নাই, ভুৱা খবৰ বিয়পোৱা বন্ধ কৰক: কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডু

বিমানৰ ইন্ধন অৰ্থাৎ ‘এভিয়েচন টাৰ্বাইন ফিউৱেল’ (ATF)-ৰ সৈতে ইথানল মিহলোৱাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰাম মোহন নাইডুৱে। এনেদৰে বিমানৰ ইন্ধনত ইথানল মিহলোৱাৰ দাবী সম্পূৰ্ণ মিছা আৰু দায়িত্বজ্ঞানহীন বুলি তেওঁ অভিহিত কৰে।

সামাজিক মাধ্যম ‘X’-ত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ইথানল আৰু বহনক্ষম বিমান ইন্ধন (Sustainable Aviation Fuel – SAF) সম্পূৰ্ণ সুকীয়া বস্তু। দুয়োৰে মাজত কোনো খেলিমেলি কৰা উচিত নহয়। SAF হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা (ICAO)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এক বিমান ইন্ধন, যাক বিশ্বজুৰি কঠোৰ সুৰক্ষা পৰীক্ষাৰ পাছতহে ব্যৱহাৰৰ অনুমতি দিয়া হয়।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিমানৰ ইন্ধনত ইথানল মিহলোৱাৰ আঁচনিক লৈ বিমান যাত্ৰাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি দিয়া এটা পোষ্টৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই স্পষ্টীকৰণ দিয়ে।

ৰাম মোহন নাইডুৱে কয় যে বিমান সুৰক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভুৱা খবৰ বা অপপ্ৰচাৰ চলালে যাত্ৰীসকলৰ মনত অকাৰণতে ভয় আৰু আশংকাৰ সৃষ্টি হয়। যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাই চৰকাৰৰ প্ৰথম আৰু সৰ্বোচ্চ প্ৰাথমিকতা বুলিও তেওঁ স্পষ্ট কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...