থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত অনুষ্ঠিত এখন আঞ্চলিক ফুটবল প্ৰতিযোগিতাৰ খেলৰ সময়ত এক হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ মাজতে খেলপথাৰখনত হঠাৎ বিজুলী পৰে, যাৰ ফলত এগৰাকী ২৪ বছৰীয়া থাই ফুটবলাৰ থিতাতে ঢলি পৰে আৰু চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে। এই ঘটনাত ১২ জন খেলুৱৈ গুৰুতৰভাৱে আহত হয়।
মৃত ফুটবলাৰগৰাকীৰ নাম সফৱান আৱাই (Safwan Awae)। ২৪ বছৰীয়া ফুটবলাৰগৰাকী ‘য়ালা এফ চি’ (Yala FC) নামৰ ক্লাবটোৰ উইংগাৰ আছিল।
গোলক এফ এ কাপৰ (Golok FA Cup) এখন ছেমিফাইনেল মেচ চলি থকাৰ সময়তে ৫:৩০ বজাত প্ৰচণ্ড বৰষুণৰ মাজত আকস্মিকভাৱে খেলপথাৰখনত বজ্ৰ পৰে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দৃশ্যানুসৰি, খেলপথাৰত বজ্ৰ পৰাৰ লগে লগে এক প্ৰচণ্ড শব্দ হয় আৰু কেইবাজনো খেলুৱৈ মাটিত ঢলি পৰে। বাকী থকা খেলুৱৈসকল আৰু প্ৰত্যক্ষদৰ্শীয়ে ততালিকে সফৱানক বচাবলৈ দৌৰি আহে আৰু প্ৰথমিক চিকিৎসাৰ চেষ্টা চলায়।
ঘটনাটোত এজন মালয়েছিয়ান ফুটবলাৰকে ধৰি ১২ জন খেলুৱৈ আহত হয়। আহতসকলক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
এই কৰুণ দুৰ্ঘটনাটোৱে ক্ৰীড়াজগতত গভীৰ শোকৰ ছাঁ পেলাইছে।
